NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত নতুনকৈ ২৬  জন ব্যক্তি ক’ভিডত আক্ৰান্ত 

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 26, 2021 7:24 pm
covid-19-assam

বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত নতুনকৈ পুনৰ ২৬  জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে সুস্থ হৈ উঠিছে ১৭ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ ২৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত মুঠ  ১৬৩ জন সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১২৬ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৭ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

আনহাতে সোমবাৰে  জিলাখনত  মুঠ ৭,১৬৯ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ২৬  জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৬২৩ জন হৈছে ৷