NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কিমান আক্ৰান্ত হ’ল ক’ভিডত? মৃত্যু কিমানৰ? পজিটিভিটিৰ হাৰ পুনৰ ১ শতাংশৰ ওপৰলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2021 8:25 pm
blue-covid

ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজি পুনৰ ১ শতাংশৰ ওপৰলৈ উঠিছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১২৭৬ গৰাকী লোক। আজি ৰাজ্যখনত মুঠতে ১,১২,৩৩২ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়।

আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ২১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৬১ গৰাকী লোক ।

ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ১.১৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.৫০ শতাংশ।

ৰাজ্যখনৰ সামগ্ৰিক ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুনৰ এসপ্তাহৰ বাবে জাৰি কৰা হৈছে নতুন এছঅ’পি।

নতুন এছঅ’পি মতে গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হৈছে কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা হ’ব কাৰ্ফিউ।

ইয়াৰোপৰি, পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

গুৱাহাটী মহানগৰকে আদি কৰি ২৫ খন জিলাত পূৰ্বৰ এছঅ’পিৰ নীতি-নিয়ম বাহাল আছে।