NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত ক’ভিডত পুনৰ এজন লোকৰ মৃত্যু 

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 29, 2021 9:41 am
Covid-death

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ক’ভিডত আক্ৰান্ত এজন ৰোগীৰ মৃত্যু হয় ৷

মৃত ব্যক্তিজন বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ ফুলকুমাৰীৰ লেনকু শ্বেখ( ৬০) ( Lanku Sheikh) বুলি জানিব পৰা গৈছে ৷

ব্যক্তিগৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত বুধবাৰৰ দিনটোত নতুনকৈ পুনৰ ৩০ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে সুস্থ হৈ উঠিছে ২৮ জনকৈ ৰোগী ৷ জিলাখনত পুনৰ নতুনকৈ ৩০ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ১৮৪ জন হৈছে ৷

ইয়াৰ ভিতৰত ১২৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৫৫ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

জিলাখনত  মুঠ ৪,৬৮৪ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২৮ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৬৭৭ জন হৈছে ৷