NORTHEAST NOW (Assamese)
অসম

শান্তি বজাই ৰাখক: অসম-মিজোৰাম উভয়কে নৰ্থ ইষ্ট এম পি ফ’ৰামৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 30, 2021 10:10 pm
E7Y-R1KVoAccAec-750x375

অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিকলৈ উদ্বিগ্নতা ব্যক্ত কৰিছে নৰ্থ ইষ্ট এমপি ফ’ৰামে।

আজি এক বিবৃতিৰ জৰিয়তে নৰ্থ ইষ্ট এমপি ফ’ৰামৰে অসম তথা মিজোৰামক শান্তি বজাই ৰাখিবলৈ আব্হান জনাইছে।

নৰ্থ ইষ্ট এমপি ফ’ৰামৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু সাধাৰণ সম্পাদক ভিনচেণ্ট পালাই বিবৃতিটোত কৈছে যে অসম-মিজোৰাম সীমান্তৰ শেহতীয়া ঘটনাক্ৰম উত্তৰ-পূববাসীৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে।

এনে এক জটিল সন্ধিক্ষণত অসম তথা মিজোৰামে শান্তি বৰ্তাই ৰখাটো সকলোৱে কামনা কৰিছে। দুয়োখন ৰাজ্যই সমিলমিলেৰে সমস্যাৰ সমাধান কৰাটোও বিচাৰিছে নৰ্থ ইষ্ট এমপি ফ’ৰামে।

উল্লেখ্য ইয়াৰ পূৰ্বে শ্বিলঙৰ সাংসদ তথা নৰ্থ ইষ্ট এমপি ফ’ৰামৰ সাধাৰণ সম্পাদক ভিনচেণ্ট পালাই প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত এইবুলি উল্লেখ কৰিছিল যে অসমত বিজেপি চৰকাৰে শাসন ভাৰ লোৱাৰ পিছৰে পৰা কাষৰীয়া ৰাজ্যৰ সৈতে অসমৰ সংঘাত বৃদ্ধি পাইছে।