NORTHEAST NOW (Assamese)
অসম

কোনেও নেৰে! এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল মিজোৰাম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2021 7:23 am
Himanta-Biswa-Sarma-5-750x375

মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ছগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।

তেওঁলোকৰ বিৰুদ্ধে হত্যা আৰু আক্ৰামণৰ প্ৰচেষ্টাৰ অভিযোগ আনি এই এজাহাৰ দাখিল কৰা হৈছে।

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত সংঘৰ্ষত অসমৰ ৬জনকৈ আৰক্ষীকে ধৰি সাতজনকৈ লোক নিহত হোৱা ঘটনাৰ পাছতে সীমান্তত উত্তেজনা এতিয়াও শাম কটা নাই।

অসম চৰকাৰে ৰাজ্যখনৰ লোকক মিজোৰাম ভ্ৰমণ নকৰিবলৈ দিয়া পৰামৰ্শৰ এদিনৰ পাছতে মিজোৰামে এইদৰে প্ৰতিক্ৰিয়া দেখুৱাইছে।

মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ  মহাপৰিদৰ্শ দোৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

বাতৰি অনুসৰি, মিজোৰামৰ ভেইৰেংটে জিলাত প্ৰৱেশ কৰাৰ অভিযোগ তুলি কোভিড প্ৰট’কল ভংগ কৰা আৰু মিজোৰাম কন্টেইনমেন্ট এণ্ড প্ৰিভেনশ্যন অফ কোভিড-১৯ এক্ট ২০২০ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত এজাহাৰখন দাখিল কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে অন্যান্য বিষয়াসকলক অহা ১ আগষ্টত আৰক্ষী থানাখনত হাজিৰ হ’বলৈ কোৱা হৈছে।