NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, আৰক্ষীৰ নিৰ্মম লাঠীচালনাত আহত বহু কেইগৰাকী শিক্ষাৰ্থী

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 31, 2021 4:39 pm
lavv

মেট্ৰিক পৰীক্ষাৰ ফলাফলকলৈও দ্বিতীয় দিনাও অপ্ৰীতিকৰ ঘটনা অব্যাহত থাকিল কোকৰাঝাৰ জিলাত ।

আজি কোকৰাঝাৰ জিলাৰ চালাকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাংশ অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে।

পৰীক্ষাৰ ফলাফলত প্ৰধান শিক্ষকে বিসংগতি কৰাৰ অভিযোগ কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

উত্তেজিত হৈ পৰা ছাত্ৰ ছাত্ৰীসকলক পিছত আৰক্ষীয়ে লাঠীচালনা কৰে | ফলত বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাব  আঘাতপ্ৰাপ্ত হয়

ab

উল্লেখ্য যে চালাকটি উচ্চ- মাধ্যমিক বিদ্যালয়ত মুঠ ২৮৪ গৰাকী  মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত কেৱল ৪৭ গৰাকীহে উত্তীৰ্ণ হৈছে।

আনহাতে কোকৰাঝাৰ দেৱৰগাঁও উচ্চ- মাধ্যমিক বিদ্যালয়তো প্ৰতিবাদ সাৱ্যস্ত কৰে পৰীক্ষাত অনুত্তীৰ্ণ  ছাত্ৰ ছাত্ৰীয়ে ।

aa

ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ প্ৰিন্সিপালক ঘেৰাও কৰে | অসমৰ শিক্ষা বিভাগৰ এনে নীতিকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই |

ছাত্ৰ ছাত্ৰীক এনে নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যকো কঠোৰ ভাষাৰে গৰিহণা ধৰিছে এবিএমছুৱে।