NORTHEAST NOW (Assamese)
অসম

উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ অসন্তুষ্ট তথা ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিব: শিক্ষামন্ত্ৰী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 1, 2021 7:18 am
Education Minister Ranoj Pegu

শনিবাৰে যোৰহাটত উপস্থিত হয় শিক্ষা মন্ত্ৰী ৰণোজ পেগু l যোৰহাটত উপস্থিত হৈ শিক্ষা মন্ত্ৰীজনে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় l

ডঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কয় যে অসম নাগালেণ্ডৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ প্ৰতিনিধিৰ আলোচনা হৈছে।

দুই পক্ষৰ মাজত হোৱা চুক্তি অনুসৰি দুয়ো ৰাজ্যই নিৰাপত্তা বাহিনী নিজ নিজ নিৰাপদ দূৰত্বলৈ লৈ যাব l

সেইদৰে, ড্ৰোণ কেমেৰাৰ যোগেদি সীমান্ত পৰ্য্যবেক্ষণ কৰা হব l

মিজোৰামেৰে হোৱা শেহতীয়া সংঘৰ্ষৰ সম্পৰ্কত তেওঁ কয়, ‘’মিজোৰামৰ ক্ষেত্ৰত আমাৰ স্থিতি সবল। এক ইঞ্চি মাটিও নতুনকৈ দখল কৰিব পৰা নাই। তেওঁলোকে জাননী জাৰি কৰে, কি কৰে কৰক। বিতৰ্কিত সাংসদগৰাকীৰ ক্ষেত্ৰতো আইনে নিজৰ বাট লব l’’

আনহাতে, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ কোনো যদি অসন্তুষ্ট তেতিয়া পৰীক্ষা দিব পাৰিব আৰু ফেইল কৰা সকলেও পৰীক্ষা দিব পাৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।

তেওঁ লগতে ঈশাণ-উদয় জলপানি কেলেংকাৰিৰ বিষয়ে দিল্লীত জনোৱাৰ কথাও উল্লেখ কৰে l