NORTHEAST NOW (Assamese)
অসম

এপ’লৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছৰ চাকৰিৰ আবেদন পত্ৰৰ নিলামত দাম উঠিল আঢ়ৈ কোটি টকা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 1, 2021 8:22 am
Steve jobs application for job

বিশ্বৰ প্ৰসিদ্ধ প্ৰযুক্তি প্ৰতিষ্ঠান ‘এপ’ল’ৰ প্ৰতিষ্ঠাতা ষ্টিভ জবছে তেওঁৰ জীৱনত মাথোঁ এবাৰেই চাকৰিৰ বাবে আবেদন কৰিছিল।

ষ্টিভ জবছৰ সেই চাকৰিৰ আবেদন পত্ৰখন আকৌ এবাৰ নিলামত উঠিছে। শেহতীয়াকৈ নিলামত ইয়াৰ ডাক হৈছে ৩লাখ ৪৩হাজাৰ মাৰ্কিন ডলাৰ যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় আঢ়ৈ কোটি টকা।

ষ্টিভ জবছে ১৯৭৩ চনত তেওঁৰ বয়স যেতিয়া ১৮ বছৰ আছিল, তেতিয়াই এটা প্ৰতিষ্ঠানত চাকৰিৰ বাবে আবেদন কৰিছিল।  তেওঁৰ জীৱনৰ সেইখনেই আছিল প্ৰথম আৰু শেষ চাকৰিৰ বাবে কৰা আবেদন পত্ৰ।

শেহতীয়াকৈ পুৰণি হাতে লিখা সেই সামান্য হালধীয়া কাগজখনৰ নিলামত দাম ডাক দিয়া হৈছে আঢ়ৈ কোটি টকা।

ষ্টিভ জবছে নিজেই জানিবলৈ দিছে যে সেই সময়ত তেওঁৰ হাতত মোবাইল ফোন নাছিল, আছিল মাথোঁ ড্ৰাইভিং লাইচেন্স।

ষ্টিভ জবছৰ চাকৰিৰ এই আবেদন পত্ৰখন নিলামত উঠাৰ এয়ে প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো এই ‘মূল্যৱান’ কাগজখন নিলামত উঠিছিল।

যোৱা মাৰ্চ মাহত উঠা এক নিলামত ষ্টিভৰ এই চাকৰিৰ আবেদন পত্ৰখনৰ দাম উঠিছিল প্ৰায় ১কোটি ৭০লাখ টকা।