NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত ধোঁৱাচাঙত ক’ভিড বিধি: নতুনকৈ ২৬  জন ব্যক্তি ক’ভিডত আক্ৰান্ত

Posted by: প্রণৱ কুমাৰ ডেকা Updated by: প্রণৱ কুমাৰ ডেকা August 1, 2021 8:09 pm
922882-covid-test

বঙাইগাঁও জিলাত পুনৰ নতুনকৈ ২৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷

আনহাতে সুস্থ হৈ উঠিছে ৭ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ পুনৰ ২৬ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৫৪ জন সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১১১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৩ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

আনহাতে জিলাখনত শনিবাৰে মুঠ ৫,৮৮১ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ৩১ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৭৩৮  জন হৈছে ৷

ইপিনে  জিলাখনত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে যদিও প্ৰশাসনৰ শিথিলতাৰ বাবে লাহে লাহে ক’ভিড বিধি পালনৰ ক্ষেত্ৰত জনসাধাৰণে গুৰুত্ব প্ৰদান নকৰা পৰিলক্ষিত হৈছে৷

বজাৰে সমাৰে সামাজিক দূৰত্ব বজাই নাৰাখি লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

সেইদৰে একৈংশ লোকক মাস্ক পৰিধান নকৰাকৈ ঘূৰা- ফিৰা কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে গ্ৰামাঞ্চলত নিশালৈকে  খোলা থাকে দোকান ৷