NORTHEAST NOW (Assamese)
অসম

এক মিনিটত ১১০ বাৰ বুক ডান: ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত মাৰ্ঘেৰিটাৰ যুৱক বিকান্তৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 2, 2021 6:24 pm
kka

মাৰ্ঘেৰিটা তৰাণী গাঁ‌ৱৰ বিকান্ত কুমাৰ মৰাণৰ অভিলেখ ।

এক মিনিটত ১১০ বাৰ বুক ডান (Knuckle Push Up) কৰি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱকে।

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ তৰাণী গাঁ‌ৱৰ কৃষক বিপিন মৰাণ আৰু অঞ্জনা মৰাণৰ জেষ্ঠ পুত্ৰ বিকান্ত মৰাণে এক মিনিটত ১১০ বাৰ বুক ডান (Knuckle Push Up) কৰি ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছ নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ।

বিকান্তই ডুমডুমা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰাই সমৰকলা (কাৰাটে) প্ৰশিক্ষণ গ্ৰহণ কৰি অছিল কিন্তু বিগত দুটা বছৰ ক’ভিড মহামাৰীৰ বাবে সকলো প্ৰশিক্ষণ বন্ধ হোৱাৰ ফলত ঘৰতেই আছিল ।

kka

প্ৰায় তিনিমাহ নেৰানেপেৰা চেষ্টাৰ ফলত Knuckle Push Up) কৰি বিকান্তই নিজৰ নাম এই ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় ।

উপযুক্ত প্ৰশিক্ষণৰ অবিহনে ঘৰতেই বিকান্তই নিজৰ শৰীৰ চৰ্চা অব্যাহত ৰাখিছে ৷

বক্সিঙক লৈ সপোন দেখিছে বিকান্তই ৷ এদিন অলিম্পিক খেলাৰ সপোন আছে বিকান্তৰ ৷

কিন্তু উপযুক্ত প্ৰশিক্ষণ আৰু আৰ্থিক দীনতাৰ বাবে থমকি ৰৈছে সম্ভাৱনাপূৰ্ণ বিকান্তৰ সপোন ৷