NORTHEAST NOW (Assamese)
অসম

মুল্যবৃদ্ধিৰ প্ৰতিবাদত লিডুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ August 3, 2021 6:19 pm
FB_IMG_1627992561004

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ কলেজ তিনিআলিৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷

সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে ৰাজপথ উত্তাল কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে৷

সংগঠনটোৰ স্পষ্ট মত শীঘ্ৰেই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মুল্যবৃদ্ধি হ্ৰাস কৰক নহ’লে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে মাৰ্ঘেৰিটা আৰু লিডুৰ ছাত্ৰ মুক্তিৰ সদস্য সকলে অংশগ্ৰহণ কৰি চৰকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।