NORTHEAST NOW (Assamese)
অসম

মাজ আকাশত হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি; কথমপি ৰক্ষা পৰিল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2021 1:53 pm
dog-27

সোমবাৰে নিজে উঠি যোৱা হেলিকপ্টাৰৰ কাৰিকৰী বিজুতি ঘটাৰ পাছত কোনোমতে ৰক্ষা পৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

সোমবাৰে পুৱা গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা তামুলপুৰলৈ বুলি হেলিকপ্টাৰত চাৰিগৰাকী বিষয়াৰ সৈতে মন্ত্ৰী কেশৱ মহন্ত উঠি যোৱাৰ সময়তে ঘটনাটো ঘটে।

হেলিকপ্টাৰখন বিমানবন্দৰলৈ ঘুৰাই আনিবলৈ বাধ্য হয়।

‘’ গুৱাহাটী বিমানবন্দৰৰ পৰা বাক্সাৰ তামুলপুৰলৈ উৰা মৰা মহন্তৰ হেলিকপ্টাৰখন মাজ আকাশতে কাৰিকৰী বিজুতি ঘটাত বিমানবন্দৰত জৰুৰীকালীনভাৱে অৱতৰণ কৰোৱা হয়,’’-এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

উল্লেখ্য যে আজি পুৱা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰত মেডিকেল কলেজৰ স্থান পৰিদৰ্শণ কৰিবলৈ যাত্ৰা কৰিছিল।