NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2021 4:46 pm
Himanta meet Modi

অসম মিজোৰামৰ সীমান্ত সমস্যাক লৈ বিগত প্ৰায় এমাহ ধৰি চলি থকা উত্তেজনাৰ মাজতে দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যাৰ নিষ্পত্তিৰ আৰ্জি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।

আনহাতে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ এই সাক্ষাতৰ সময়ত তেওঁৰ লগত আছিল অসমৰ বিজেপিৰ সাংসদসকল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

জানিব পৰা মতে, অসম-মিজোৰাম সীমান্তৰ সমস্যাক লৈ দুয়োগৰাকী নেতাই আলোচনা কৰে।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মান্দৱ্যক সাক্ষাৎ কৰি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।