NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন আৰু কৃষক মহাসভাৰ ‘ভাৰত বচাও দিৱস’ ৰূপায়ন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ August 9, 2021 7:03 pm
WhatsApp Image 2021-08-09 at 4.30.01 PM

আজি দেশজুৰি ট্ৰেড ইউনিয়ন ফেডাৰেশ্যন আৰু কৃষক মহাসভাই ঐতিহাসিক ৯ আগষ্ট তাৰিখটোত বিজেপিৰ জনগণ বিৰোধী শ্ৰমিক বিৰোধী কামকাজৰ বিৰোধিতা কৰি “ভাৰত বচাও দিৱস” ৰূপায়ণ কৰে৷

ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখতো যথেষ্ট সংখ্যক কৃষক-শ্ৰমিক ৰাইজে সমবেত হৈ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

উক্ত কাৰ্যসূচীত চি পি আইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে চৰকাৰক চোকা সমালোচনা কৰি কয় যে স্বাধীনোত্তৰ ভাৰতত কমিউনিষ্ট আন্দোলনৰ ফলত সকলো কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ সমূহে ৰাজহুৱা খণ্ডত ব্যাপকভাৱে উদ্যোগ প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ বাধ্য হৈছিল ৷

কিন্তু আজি দুৰ্ভাগ্যজনক কথাটো হ’ল বিজেপি চৰকাৰে এই ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ ক্ষীপ্ৰতাৰে ব্যক্তিগত কৰণ কৰিছে ৷

ইতিমধ্যে বহু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ কৰাৰ পিছত পুনৰ দুটা ৰাজহুৱা খণ্ড বেংক ব্যক্তিগত কৰিবলৈ প্ৰস্তাৱ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ৷

এটা ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ব্যক্তিগতকৰণ কৰিবলৈ পৰিকল্পনা কৰিছে ৷ ছয়টাকৈ ষ্টীল প্লাণ্ট ব্যক্তিগতকৰণ কৰিবলৈ পৰিকল্পনা কৰিছে ৷ BCPL ৰ ৫২.৯৮%  শতাংশই ব্যক্তিগতকৰণ কৰিবলৈ নিবিদা আহ্বান কৰিছে ৷

তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ ONGC (L) ক OIL ৰ সৈতে চামিল কৰণৰ প্ৰস্তাৱক আমি বিৰোধিতা কৰিছোঁ ৷ তদুপৰি, বিদ্যুত বিভাগৰ নিয়ন্ত্ৰণ কক্ষক ব্যক্তিগতকৰণৰো তীব্ৰ বিৰোধিতা কৰিছোঁ ৷

আনহাতে, তিনিওখন কৃষক বিৰোধী আইন বাতিল কৰিবলৈ দাবী জনাই তেওঁ বক্তব্য ৰাখে ৷