NORTHEAST NOW (Assamese)
অসম

হাজোত নাৰকীয় কাণ্ড; পৰকীয়া প্ৰেমিকাৰ বাবে পত্নীৰ হাত কাটিলে স্বামীয়ে

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা August 10, 2021 12:34 pm
Lady victim of her husband

অবৈধ প্ৰেমিকাৰ বাবে স্বামীয়ে কাটিলে পত্নীৰ হাত।

অবৈধ প্ৰেমিকাৰ লগত যোগাযোগ বন্ধ কৰিব দিয়াৰ বাবে পত্নীৰ হাত কাটিলে স্বামীয়ে।

হাজোৰ ফকীৰতোলাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

লম্পট স্বামী গৰাকীৰ নাম ছলেমান আলী।

পত্নী থকাৰ পিছতো অবৈধ প্ৰেমিকাৰ লগত সম্পৰ্ক চলাই গৈছিল লম্পট ছলেমান অলিয়ে।

হাতত ঘপিওৱাৰ উপৰিও পত্নীৰ সৰ্ব শৰীৰত চলালে নিৰ্মম অত্যচৰ।

উপায়ন্তৰ হৈ মহিলা গৰাকী ওচৰ চাপিছে হাজো আৰক্ষীৰ।

হাজো আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

এতিয়া নিৰাপত্তাহীনতাত ভূগিছে মহিলা গৰাকী।