NORTHEAST NOW (Assamese)
অসম

প্ৰদ্যুত বৰদলৈয়ে প্ৰকৃততে বিজেপিত যোগদানৰ খবৰ সঁচা নে? কি ক’লে প্ৰদেশ কংগ্ৰেছে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 11, 2021 9:10 pm
pbt

আজি প্ৰদ্যুত বৰদলৈয়ে বিজেপিত যোগদান কৰিব বুলি এক খবৰ ওলাইছিল আৰু ছচিয়েল মেডিয়াত খবৰটো প্ৰকাশ পাইছিল।

কিন্তু এই খবৰ সম্পূৰ্ণ মিছা তথা ভিত্তিহীন আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ মেডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই।

তেওঁ ক্ষন্তেক সময়ৰ পূৰ্বে সাংসদ প্ৰদ্যুত বৰদলৈৰ লগত ফোনযোগে বার্তালাপ কৰোঁতে এই কথা ভিত্তিহীন বুলি শৰ্মাক জনায়।

উল্লেখযোগ্য যে, কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সকলো সাংসদক সৌজন্যমূলক সাক্ষাৎ কৰিছিল।

তাৰ ফটো তেওঁ ফেচবুকত আপলোড কৰিছিল যত নেকি সাংসদ ৰিপুন বৰা অজিত ভূঞা, গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈ।

তাৰ পাছতে একাংশই এই ভুৱা খবৰ প্ৰকাশ কৰা বুলি দাবী কৰে ববিতা শৰ্মাই।