NORTHEAST NOW (Assamese)
অসম

আজি মাতৃভূমি অসমত ভৰি থব লাভলিনা বৰগোঁহাইয়ে, সজাই তোলা হৈছে মহানগৰী,সাজু আটক ধুনীয়া বাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2021 7:04 am
lovlina (1)

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰে অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলিনা বৰগোঁহাইয়ে আজি বিদেশত খিতাপ জয় কৰাৰ পিছত প্ৰথম বাৰৰ বাবে নিজৰ জন্মভূমিত ভৰি থব।

আজি বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দিল্লীৰ পৰা আহি অৱতৰণ কৰাৰ পিছতে লাভলিনাক ৰাজকীয় সন্মানেৰে আদৰি অনা হ’ব।বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ অসম ৰাজ্যিক পৰিবহন নিগমে সজাই তুলিছে এখন আটক ধুনীয়া চাৰ্টাৰ্ড বাছ।

লাভলিনাৰ ছবি থকা সেই বাছ খনৰেই অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাক বিমান বন্দৰৰ পৰা আদৰি অনা হ’ব।

ইয়াৰ পিছতে লাভলিনাক খেলৰ চৰকাৰী নিয়ম অনুসৰি চৰকাৰে ৫০ লাখ টকা প্ৰদান কৰিব।

চৰকাৰে তেওঁ অসম প্ৰশাসনিক সেৱা বা অসম আৰক্ষী সেৱাৰো পদত মকৰল কৰিব ।

লাভলিনাৰ আগমণক কেন্দ্ৰ কৰি সজাই তোলা হৈছে সমগ্ৰ গুৱাহাটী মহানগৰী। পছৰ কাষে কাষে আঁৰি দিয়া হৈছে লাভলিনাৰ ফটো সম্বলিত হৰ্ডিং।

জানিব পৰা মতে সকলো পূৰ্বৰ পৰিকল্পনা মতে চলি থাকিলে ১৭ আগষ্টত  লাভলিনাই বৰপথাৰত থকা তেওঁৰ নিজৰ ঘৰলৈ যাব।

ঘৰত থকা সময়ছোৱাত লাভলিনাৰ সুৰক্ষাৰ দায়িত্ব সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ ওপৰত ন্যস্ত কৰা হ’ব।

ইতিমধ্যে অসম চৰকাৰে লাভলিনাৰ নাম মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছে।