NORTHEAST NOW (Assamese)
অসম

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত পলিমা বি চেতিয়াৰ প্ৰৱন্ধ সংকলন উন্মোচন

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 12, 2021 6:09 pm
IMG-20210812-WA0033

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত  বৃহস্পতিবাৰে স্থানীয় নাট্য মন্দিৰত সাংবাদিক পলিমা বি চেতিয়াৰ “কথা বীক্ষা” নামৰ প্ৰৱন্ধ সংকলন খনি উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাই কিতাপ পঢ়াৰ আনন্দৰ কথা উল্লেখ কৰে।

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই উন্মোচনী সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে বিশিষ্ট অতিথিৰ ভাষণত বোকাখাতৰ সাংবাদিক সকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে গ্ৰন্থ ৰচনা কৰিলে প্ৰকাশৰ বাবে সহায় আগ বঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ সাংবাদিক সকল কেৱল সংবাদ সেৱাতে আবদ্ধ নেথাকি সৃজনীমূলক সাহিত্য সৃষ্টিতো যে সফল হ’ব পাৰে তাৰে উদাহৰণ পলিমা বি চেতিয়া বুলি উল্লেখ কৰে।

গ্রন্থকাৰ পলিমা বি চেতিয়ায়ো “কথা বীক্ষা”ৰ সৃষ্টিৰ আঁৰৰ কথাও ব্যক্ত কৰে।

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাত পলিমা বি চেতিয়াৰ সাহিত্য কৰ্মৰ ব্যাখ্যা আগবঢ়ায় সাংবাদিক অজন্তা তালুকদাৰে।

অনুষ্ঠানত সাংবাদিক অমৰ শৰ্মা আৰু প্ৰিয়ংদীপ কাকতিয়েও বক্তব্য প্ৰদান কৰে।

কোভিড প্ৰট’কল অনুসৰি বোকাখাতৰ বিভিন্ন যুৱ ছাত্ৰ সংগঠন, সাহিত্য আৰু সাংস্কৃতিক সংগঠনৰ দুজনকৈ প্ৰতিনিধিয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷