NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত সেনা-আৰক্ষীয়ে আটক কৰে ২ সন্দেহজনক এন ডি এফ বি(স)ৰ সদস্যক

Posted by: ছাজিদ খান March 31, 2018 9:06 pm

শুকুৰবাৰে ওদালগুৰি জিলাৰ ওৰাঙত ওদালগুৰি আৰক্ষী আৰু সেনাই অভিযান চলাই দুজন এন ডি এফ বি(স)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এন ডি এফ বি(স) সদস্য কেইজনক এখন যাত্ৰীবাহী বাছৰ পৰা আটক কৰা হয়। আটকাধীন এন ডি এফ বি(স) সদস্য কেইজনক ক্ৰমে বিশ্বানাথ চাৰিআলিৰ নিৱাসী ধাৰ্মিক নাৰ্জাৰী আৰু ঢেকিয়াজুলীৰ নিৱাসী প্ৰদীপ দৈমাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ধৃত এন ডি এফ বি(স) কেইজনৰ বিৰুদ্ধে ওৰাং আৰক্ষী চকীত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৭/১৮ নম্বৰৰ গোচৰ ৰুজু কৰে।

আনহাতে ধৃত এন ডি এফ বি(স)ৰ সদস্যকেইজনক শনিবাৰে ওদালগুৰিৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু তেওঁলোকক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে ধৃত এন ডি এফ বি(স)ৰ সদস্য কেইজনে ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ ঢেকিয়াজুলীৰ বিভিন্ন ঠাইত সংগঠনটোৰ হৈ ধন দাবী, দাবীকৃত ধন সংগ্ৰহকে ধৰি বহু কাৰ্যত জড়িত আছিল।

উল্লেখযোগ্য যে যোৱা দেওবাৰে নিশাও আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই দৰং জিলাৰ ধুলাৰ পৰা আন দুজন এন ডি এফ বি(স)ৰ সদস্যক আটক কৰিছিল।