NORTHEAST NOW (Assamese)
অসম

ভেকচিন ল’লেই চিম্পাজী হৈ পৰিব মানুহ! ফেচবুকে বন্ধ কৰিলে এনে ভুৱা খৱৰ বিয়পোৱা ৩০০ একাউন্ট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2021 8:08 am
facebook-logo

আষ্ট্ৰেজেনেকা আৰু ফাইজাৰৰ ক’ভিড ভেকচিন ল’লে মানুহ চিম্পাঞ্জীত পৰিণত হ’ব! কেইমাহমান পূৰ্বে ছচিয়েল মিডিয়াত এনে এক বাতৰি বিয়পি পৰিছিল।

বিশেষভাৱে ফেচবুকত এই খৱৰ ভাইৰেল হৈ পৰিছিল। এই ভুৱা খৱৰ বিয়পোৱা সকলো একাউন্ট এইবাৰ বন্ধ কৰি দিলে ফেচবুক কৰ্তৃপক্ষই।

বাতৰি অনুসৰি, ৰাছিয়াৰ পৰা আৰম্ভ হোৱা এই ভুৱা বাতৰি আটাইতকৈ বেছি ভাইৰেল হৈছিল ভাৰত, লেটিন আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত।

যোৱা ডিচেম্বৰতেই সূত্ৰপাত ঘটা এই ভুৱা খৱৰ যোৱা মে’ মাহত পুনৰ নতুনকৈ বিয়পি পৰিছিল। সেই প’ষ্টবোৰৰ পাছত ফাইজাৰৰ ভেকচিনৰ কাৰ্যকাৰিতাক লৈ প্ৰশ্ন উঠিছিল।

ফেচবুকৰ ফালৰ পৰা কোৱা হৈছে,’’আমি ফেচবুকৰ পৰা এনেধৰণৰ ৬৫টা একাউন্ট আৰু ২৪৩টা ইনষ্টাগ্ৰাম একাউন্ট অঁতৰাই পেলাইছো। কিয়নো এই ধৰণৰ প’ষ্ট আমাৰ নীতি বিৰুদ্ধ।‘’

ফেচবুকে ভুৱা খৱৰ বিয়পোৱাৰ বাবে পূৰ্বে বহু একাউন্টৰ প’ষ্ট ডিলিট কৰিছিল। কিন্তু তাৰ দ্বাৰা ভুৱা বাতৰি প্ৰচাৰ সম্পূৰ্ণ ৰোধ কৰা সম্ভৱ হোৱা নাই।

ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল নীতি অহাৰ পাছত আৰু কঠোৰ হৈ পৰিছে ছচিয়েল মিডিয়া প্লেটফৰ্ম।