NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ হাওৰাঘাট ভি ডি চি’ৰ কাৰ্যালয় লণ্ড ভণ্ড; কাৰ্য্যালয়ৰ ভিতৰতে দুস্কৃতিকাৰীয়ে কৰিলে শৌচ-প্ৰস্বাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 2, 2021 6:43 am
Howraghat BJP vdc office

১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ তথা কাৰ্যবাহী সদস্য খনছিং ৰংপিৰ নিজ সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট নগৰত অৱস্থিত বিজেপি দলৰ হাওৰাঘাট ভি ডি চি’ৰ কাৰ্যালয়টো বিজেপি দলৰে একাংশ দুস্কৃতিকাৰী কৰ্মীয়ে লণ্ড ভণ্ড কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জনপ্ৰতিনিধি খনছিং ৰংপিৰ নিজ সমষ্টিত বিগত কেইদিনত গ্ৰাম্য সখী’ চাকৰি নিযুক্তিৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে একাংশ হিতাধিকাৰীৰ অভিযোগৰ ভিত্তিত অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ইতিপূৰ্বে ঘোষণা কৰিছিল।

সেইমৰ্মে জানিব পৰা মতে বিজেপিৰ হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন আৰু হাওৰাঘাট বি এল চি চি’ৰ চেয়াৰমেনৰ এই দুয়োটাতে নতুনকৈ বিষয়া-কৰ্মচাৰী নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে জানিব পাৰি আজি দিনৰ ১১ মান বজাত দুৰ্নীতিত জড়িত থকা বিজেপিৰ একাংশ দুষ্ট চক্ৰই তথ্য গাপ দিবৰ বাবে ভি ডি চি’ৰ কাৰ্যালয়টোত থকা কম্পিউটাৰ, চকী, টেবুল, আচবাবপত্ৰ, ঘৰৰ চালৰ টিন আদি সকলো উঠাই লৈ যায় ।

তেওঁলোকে ষ্টোৰ ৰুমটোও ভাঙি লণ্ড ভণ্ড কৰি থৈ যায় । ইমানতে ক্ষান্ত নাথাকি ভি ডি চি’ৰ কাৰ্যালয়টোৰ ভিতৰৰ কোঠাত শৌচ-প্ৰস্বাৱ পৰ্যন্ত কৰি কোঠাটো অপৰিষ্কাৰ কৰি থৈ যায়।

এনেদৰে পবিত্ৰ ভি ডি চি’ৰ কাৰ্যালয়টো শৌচ-প্ৰস্বাৱ কৰি অপৰিস্কাৰ কৰি থৈ যোৱা কাৰ্য বিজেপি দলৰ বাবেই এক চৰম অপমান বুলি বিজেপিৰ নিষ্ঠাবান কৰ্মীসকলে অভিযোগ কৰে।