NORTHEAST NOW (Assamese)
অসম

সকাহ! ৪৮ খন টোল গেটৰ ভিতৰৰে ৩২ খনেই কৰা হ’ব বন্ধ, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 6, 2021 4:21 pm
toll-plaza-file

ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ নামত ঠায়ে ঠায়ে স্থাপন কৰা টোল গেট সমূহ এতিয়া বহুতৰে বাবে মূৰ কামৰোণি স্বৰূপ হৈ পৰিছে।

বিশেষকৈ একেটা পথতে একাধিক টোল গেট স্থাপন কৰাৰ ফলত সৰ্ব সাধাৰণ ৰাইজ আৰ্থিক ভাবে জুৰুলা হোৱাও দেখা গৈছে।

এনে পৰিস্থিতিৰ মাজতে তামিলনাডুৰ চৰকাৰে টোলগেট সন্দৰ্ভত গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত।

তামিলনাডুৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ই ভি ভেলুৱে ৰাজ্য খনৰ বিধানসভাত প্ৰকাশ কৰা মতে চৰকাৰে শীঘ্ৰে ৰাজ্য খনত চলি থকা ৪৮ খন টোলগেটৰ ভিতৰৰে ৩২ খনেই বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে চেন্না সমুদ্ৰম,ভানাগ্ৰাম,নেমিলি, পাৰানুৰ, চৰুপাট্টু আদি স্থানত থকা টোল গেট সমূহ বন্দ কৰা হ’ব।

বিধানসভাত এমএমকেৰ নেতা এম এইচ জহৰিৰুল্লালে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।তেওঁ কয় যে পূৰ্বতে কেৰালাতো বহু কেইখন টোল গেট আছিল। কিন্তু এতিয়া সেই ৰাজ্য খনতো মাত্ৰ তিনি খন টোলগেট ৰাখি বাকীবোৰ বন্ধ কৰি দিয়া হৈছে।

তেওঁ লগতে কয় যে তামিলনাডুৰ মাজৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘৰ ওপৰত নিৰ্ভৰ কৰি ১৬ খন টোল গেটৰহে প্ৰয়োজন আছে। সেইবাবেই বাকীবোৰ টোলগেট বন্ধ কৰি দিয়া হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য দুখন টোলগেটৰ মাজত থকা দূৰত্ব কমেও ৬০ কিলোমিটাৰ হ’ব লাগে। কিন্তু বহু ৰাজ্যত সেই নিয়ম নমনাৰ অভিযোগ উঠি আহিছে।