NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত আৰম্ভ গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণৰ কাম ,এদিনত ৩০০ টা খৰ্গৰ পৰীক্ষা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া September 6, 2021 5:22 pm
rhinoo

 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা আৰম্ভ হৈছে বিভাগীয় কোষাগাৰত জমা থকা গঁড়ৰ খৰ্গৰ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান ৷ আজি পুৱাৰে পৰাই কহঁৰাত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এক উচ্চপদস্থ বিশেষজ্ঞ দলে ৰাষ্ট্ৰীয় উদ্যানৰ কোষাগাৰত দীৰ্ঘ দিনৰে পৰা জমা হৈ থকা ৪৮০ টা গঁড়ৰ খৰ্গৰ পৰীক্ষা কৰাৰ দুদিনীয়া কাৰ্য আৰম্ভ কৰিছে ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত সংগৃহীত আৰু চোৰাংচিকাৰী বা চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা এই গঁড়ৰ খৰ্গ বোৰ আজি বিজ্ঞান সন্মত ভাৱে পুনৰ পৰীক্ষা কৰে বিশেষজ্ঞৰ দলে ৷

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিধান্ত গ্ৰহন কৰিছে ৷ এই সিদ্ধান্তৰ অংশ হিচাবেই আজি কাজিৰঙাত আৰম্ভ কৰা হৈছে এই কাম ৷

বন বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক এম কে যাদৱৰ তত্বাৱধানত বন বিভাগৰ হাতত মজুত থকা গঁড় খৰ্গ সমুহ পৰীক্ষা কৰি প্ৰণালীবদ্ধ ভাৱে নথিভুক্ত কৰি পৰৱৰ্তী সময়ত বিনষ্ট কৰিব পৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাম আৰম্ভ হৈছে ৷

এই অভিযানৰ বাবে অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক সভাপতি হিচাবে লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ এই সমিতিৰ অধীনতে এখন কাৰিকৰী সমিতি আৰু সাত খন জ’নাল সমিতিও গঠন কৰা হৈছে ৷

কাৰিকৰী সমিতিত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষজ্ঞ আৰু জ’নাল সমিতিত স্থানীয় লোকৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে ৷

আজি পুৱাৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭ চনৰ পৰা সংগৃহীত হোৱা গঁড়ৰ খৰ্গক পুনৰ পৰীক্ষণ কৰাৰ কাম আৰম্ভ কৰা হয় ৷ আজি দিনটোত মুঠ ৪৮০ ট খৰ্গৰ ভিতৰৰ ৩০০ টা খৰ্গৰ পৰীক্ষা কৰা হয় ৷ বাকী থকা টা ১৮০ টা খৰ্গৰ আদালতৰ গোচৰৰ সৈতে জড়িত ১১ টা খৰ্গ বাদ দি ১৬৯ টা খৰ্গ ৭ চেপ্তম্বৰত পৰীক্ষা কৰিব পৰীক্ষন সমিতিয়ে ৷

উল্লেখ্য যে ইয়াৰ পুৰ্বে ২০১৬ চনত মুঠ ২০২৫ টা খৰ্গ পৰীক্ষা কৰা হৈছিল ৷ গঁড়ৰ খৰ্গৰ এই পৰীক্ষা সম্পুৰ্ণ হোৱাৰ পিচত পৰীক্ষিত সমুহ খৰ্গ চেপ্তেম্বৰ মাহৰ ২১ তাৰিখে উদযাপিত হ’ব লগা বিশ্ব গঁড় দিৱসত ৰাজহুৱাকৈ বিনষ্ট কৰাৰ পৰিকল্পনা কৰিছে অসমৰ বন বিভাগে ৷

বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে এনে কাৰ্যই গঁড় খৰ্গৰ চোৰাংচিকাৰ আৰু চোৰাং ব্যৱসায়ত জড়িত চক্ৰৰ বাবে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব যে  প্ৰকৃততে গঁড় খৰ্গৰ তেনে কোনো মুল্য নাই ৷

পৰীক্ষণ কালত মুঠ খৰ্গৰ ৫ শতাংশ খৰ্গক গৱেষণা বা অনান্য অধ্যয়নৰ বাবে পদ্ধতিগত ভাৱ সংৰক্ষণ কৰা হ’ব ৷ ভবিষ্যত পৰিকল্পনাৰ বাবে কৰা হ’ব জেনেটিক পৰীক্ষণো ৷

পূৰ্বতে এনে ধৰণৰ কাম আগতে আমি কেতিয়াও কৰা নাছিলো ৷ আজি আমি প্ৰতিটো খৰ্গৰে ওজন লৈ এক সুচ্যাংক নম্বৰেৰে সৈতে নমুনা সংগ্ৰহ কৰি পুনৰ বিধিগত ভাৱে আমি ৰখাৰ ব্যৱস্থা কৰিছো বুলি জনায়  এম কে যাদৱে ৷

কাজিৰঙাত দুটা দিন ধৰি চলিব লগা এই অভিযানৰ শেষত গোলাঘাটত অহা ৯ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ অভিযান ৷ গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১ শ গঁড় খৰ্গৰ পুনৰ পৰীক্ষণ কৰা হ’ব ৷