NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স,তেজপুৰ (GIPS- Tezpur )ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2021 3:50 pm
gips

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ফাৰ্মাচিউটিকেল শিক্ষাৰ অগ্ৰনী প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স,তেজপুৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস ৭ ছেপ্তেম্বৰৰ দিনা শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাংগনত উদযাপন কৰা হয়।

প্ৰথম বৰ্ষপূৰ্তিৰ শুভ ক্ষণত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স,তেজপুৰৰ অধ্যক্ষ ডাঃ আব্দুল বাকু আহমেদে বিগত এটা বছৰে শৈক্ষিক প্ৰতিষ্ঠান খনত সুন্দৰ ভাবে আগুৱাই নিয়াত সহায় কৰাৰ বাবে প্ৰতিষ্ঠান খনৰ সৈতে জৰিত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে আন ব্যক্তিসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।

অধ্যক্ষ গৰাকীয়ে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ প্ৰতিষ্ঠাতা প্ৰয়াত বীণা চৌধুৰীকো শ্ৰদ্ধাৰে স্মৰণ কৰে।

তেওঁ কয় যে বীণা চৌধুৰীৰ দৰে এগৰাকী বিদূষী নাৰীৰ প্ৰচেষ্টাতে আজি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স,তেজপুৰৰ অধ্যক্ষ ডাঃ আব্দুল বাকু আহমেদে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জি,তেজপুৰৰ অধ্যক্ষ ডঃ দিপল বৰুৱাৰ সৈতে পতাকা উত্তোলনৰ লগতে কেক কাটি  প্ৰথম বৰ্ষপূৰ্তিৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

gpp

পতাকা উত্তোলনৰ সময়ত শৈক্ষিক প্ৰতিষ্ঠান দুখনৰ ফেকাল্টিসকলৰ লগতে কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলো উপস্থিত থাকে।

উল্লেখ্য তেজপুৰৰ লগতে গুৱাহাটীতো গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জিয়ে শিক্ষাৰ্থীৰ মাজত জ্ঞানৰ পোহৰ বিলাই গৈছে।