NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰী হিচাপে সোণোৱালৰ ব্যৰ্থতাৰ সুযোগ লৈ হিমন্তইহে চৰকাৰ চলাইছে : ৰিপুন বৰা

Posted by: এন ই নাও নিউজ April 1, 2018 9:50 am
অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত দলীয় অৱস্থাৰ বুজ ল’বলৈ সম্প্ৰতি উজনি অসম ভ্ৰমণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অভিযোগ কৰিছে যে পৰাজয়ৰ ভয়তে বিজেপি চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাই।

এই সময়ত পঞ্চায়ত পাতিলে বিজেপিক ৰাজ্যৰ ভোটাৰে উচিত প্ৰত্যুত্তৰ দিব বুলি ৰাজ্যিক সভাপতিজনে মন্তব্য কৰে। আনহাতে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি ৰিপুণ বৰাই কয় যে ব্যক্তিত্ব ভাল হ’লেই নহ’ব কামবোৰো ভাল হ’ব লাগিব।

মুখ্য মন্ত্ৰী হিচাপে সোণোৱাল চূড়ান্ত ব্যৰ্থ হৈছে। মুখ্য মন্ত্ৰী হিচাপে সোণোৱাল আছে যদিও চৰকাৰ আচলতে হিমন্তইহে চলাইছে। চৰকাৰৰ সকলো কামকাজ হিমন্তইহে তদাৰক কৰে। ক্ৰম বৰ্ধিত নাৰীজনিত অপৰাধৰ বিষয়ে মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে অসম আৰক্ষীৰ বিফলতা আৰু চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পাবলৈ ধৰিছে।

আনহাতে কেন্দ্ৰ বিজেপি চৰকাৰ তথা প্ৰধানমন্ত্ৰী মোদীকো আক্ৰমণৰ লক্ষ কৰি লয় বৰাই। তেওঁ কয় যে মোদীয়ে কাৰ চকীদাৰ হৈ কাম কৰিছে সকলোৱে দেখি আছে। বিজেপি চৰকাৰ কেৱল ফাঁকিত চলি আছে। তেওঁ লগতে কয় যে টু জি কেলেংকাৰি, বফ’ৰ্ছ কেলেংকাৰি বিজেপিৰ মিছা প্ৰচাৰহে আছিল। এইবোৰ সন্দৰ্ভত চি বি আয়ে আদালতত প্ৰমাণ দিব নোৱাৰিলে।

উল্লেখযোগ্য যে কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত সংবাদমেলত এইদৰে কয়। তিনিচুকীয়াৰ পিছতে তেওঁ ডিগবৈলৈ যায় আৰু তাত এখন দলীয় সভাত উপস্থিত থাকে।