NORTHEAST NOW (Assamese)
অসম

গো সুৰক্ষা আইনৰ বিৰুদ্ধে  শিৱসাগৰৰ ৰাজপথত পশুপালকৰ প্ৰতিবাদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 15, 2021 2:30 pm
Protest against cow protection

Protest against cow protection, অসম চৰকাৰে ৰূপায়ন কৰা গো সুৰক্ষা আইনৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰে কেইবা শতাধিক পশুপালকে।

জিলাখনৰ বিভিন্ন প্ৰান্তত গো-পালক সকল একত্ৰিত হৈ শিৱসাগৰ ষ্টেচন চাৰিআলি সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়লৈকে  বিশাল সমদল উলিয়াই।

পশু তথা গো পালক সকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ গো সুৰক্ষা আইন বাতিল কৰক , গো পালকক ভাতে মৰা কাৰ্য বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

Also read : বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা, ব্যস্ত মৃৎ শিল্পী

ইয়াৰ পিছতে উক্ত আইন বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে গো পালক সকলে।