NORTHEAST NOW (Assamese)
অসম

ভৰা নৈত বুৰিল যাত্ৰী ভৰ্তি নাও, ৪ জন নিহত,৭ জন সন্ধানহীন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2021 4:39 pm

মাজুলীৰ নিমাতীঘাটত শোকাৱহ ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এতিয়া বহু সন্ধানহীন লোকৰ মৃতদেহ ওলায়েই আছে।

মাজুলী কাণ্ডৰ শোকৰ ছাঁ পৰি থকাৰ সময়তে মহাৰাষ্ট্ৰত আজি এখন যাত্ৰী ভৰ্তি নাও পানীত বুৰ যোৱাৰ ফলত ৪ জন যাত্ৰীৰ মৃত্যু ঘটাৰ লগতে আন সাত জন যাত্ৰী সন্ধানহীন হৈ আছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আজি মহাৰাষ্ট্ৰৰ বাৰ্ধা নৈত সংঘটিত হয় এই শোকাৱহ নাও দুৰ্ঘটনাটো।গড়েগাঁৱৰ পৰা ১২ গৰাকী যাত্ৰীয়ে টুলুঙা নাও খনত উঠি যাত্ৰা কৰিছিল।

নৈৰ মাজ পোৱাৰ সময়তে নাও খন পানীত বুৰ যায়।

লোক কেইজনে নাও খনত উঠি এটা মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল।

সন্ধানহীন হৈ পৰা যাত্ৰী কেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰকাৰীৰ দলে অভিযান অব্যাহত ৰাখিছে।

নাও খনত বহন ক্ষমতাতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।