NORTHEAST NOW (Assamese)
Popular Stories

২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 16, 2021 2:11 pm
School Reopen

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি অহা ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া- আজি এই কথা সদৰী কৰিছে অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে।

শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, দশম শ্ৰেণীৰ প্ৰতিটো পাঠদান কক্ষত সৰ্বাধিক ৩০ জন ছাত্ৰ – ছাত্ৰী উপস্থিত থাকিব পাৰিব। ৩০ জনতকৈ অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিলে শ্ৰেণীকক্ষৰ সংখ্যা বৰ্দ্ধিত কৰা হ’ব।

তেওঁ লগতে উল্লেখ কৰে যে,পাঠদান আৰম্ভ হোৱাৰ আগতে শ্ৰেণীকক্ষ সমূহ ভালদৰে চেনিটাইজ কৰি লোৱা হ’ব।

এই বছৰৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ কম কৰা হ’ব বুলি শিক্ষামন্ত্ৰী জনে সদৰী কৰে।

বিদ্যালয়ৰ অন্য শ্ৰেণী সমূহৰ পাঠদান প্ৰক্ৰিয়াও অতিশীঘ্ৰে ক্ৰমাগত ভাৱে আৰম্ভ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দি ৰাজ্যত যোৱা দুটা বছৰে বিদ্যালয় সমূহত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ আছে। অথচ সেই একেই সময়তে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাকে ধৰি অন্যান্য চৰকাৰী অনুষ্ঠান তথা সভা-সমিতিসমূহ কেনেদৰে অনুষ্ঠিত হ’ব পাৰে বুলি সামাজিক মাধ্যমত দীৰ্ঘ দিন ধৰি প্ৰশ্ন উত্থাপিত হৈ আহিছে।