NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত চাইল্ড লাইনৰ অভিযানত উদ্ধাৰ ৩টিকৈ শিশু শ্ৰমিক

Posted by: মানস প্ৰতিম গগৈ, মার্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মার্ঘেৰিটা September 16, 2021 4:18 pm

মাৰ্ঘেৰিটা জয়ানগৰস্থিত ৰাজদ্বীপ ভট্টাচাৰ্য মালিকানাধীন অপৰূপা কাৰ স্পা নামৰ গাড়ী ধোৱা এটা প্ৰতিষ্ঠানৰ পৰা আজি চাইল্ড লাইনৰ অভিযানত ৩টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰতিষ্ঠানটোৱে ৩জন শিশুক উক্ত প্ৰতিষ্ঠানটোত শ্ৰম কৰোৱাই থকা অৱস্থাত চাইল্ড লাইন আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যিটো সময়ত চৰকাৰে শিশু শ্ৰমিক নিয়োগ কৰাটো আইন মতে দণ্ডনীয় হিচাপে ঘোষণা কৰিছে তেনে সময়ত মাৰ্ঘেৰিটা জয়ানগৰ অঞ্চলত শিশু শ্ৰমিক উদ্ধাৰ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইতিমধ্যে ৩টি শিশুকে চাইল্ড লাইনে উদ্ধাৰ কৰি তিনিচুকীয়াস্থিত শিশু গৃহ লৈ প্ৰেৰণ কৰিছে।