NORTHEAST NOW (Assamese)
অসম

ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছত থাকিলে ভাল মন্ত্ৰীৰ পদ পালেহেঁতেন:গৌৰৱ গগৈ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ September 18, 2021 8:23 pm

কলিয়াবৰৰ খালৈআটিত আজি উপস্থিত হয় সাংসদ গৌৰৱ গগৈ।

কলিয়াবৰৰ খালৈআটি হৰিমন্দিৰত সেৱা লৈ স্থানীয় কংগ্ৰেছ কৰ্মীসকলৰ লগত মতবিনিময় কৰে সাংসদগৰাকী।

ঢেকীয়াখোৱা বৰ নামঘৰত সেৱা লৈ মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা সদ্য গেৰুৱা বসন পিন্ধা ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ শেষ বুলি সমালোচনা কৰাৰ বিপৰীতে কলিয়াবৰৰ সাংসদগৰাকীয়ে ৰূপজ্যোতি কুৰ্মীয়ে ভুল কৰিলে বুলি মন্তব্য কৰে।

কিয়নো অহাবাৰলৈ কংগ্ৰেছ চৰকাৰ অহাটো নিশ্চিত আৰু ৰূপজ্যোতি কুৰ্মী দলত থকা হ’লে ভাল মন্ত্ৰিত্ব পালে হেঁতেন বুলিও গৌৰৱ গগৈয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ৰূপজ্যোতি কুৰ্মীয়ে বিজেপিলৈ গৈ এতিয়া জুনিয়ৰ হৈ থাকিব লাগিব বুলিও গগৈয়ে কয়।

কংগ্ৰেছত থকা হ’লে কুৰ্মীয়ে ছিনিয়ৰ হৈ থাকিব পাৰিলেহেঁতেন বুলিও তেওঁ তীৰ্যক মন্তব্য কৰে।