NORTHEAST NOW (Assamese)
অসম

‘দুখীয়াৰ ভগৱান’ চনু চুড তীব্ৰ সংকটত ! পৰিব পাৰে ভয়ানক বিপদত !

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2021 12:32 pm
Sonu Sood

লকডাউনকালীন সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ভগৱান হৈ আবিৰ্ভাৱ হোৱা চুনু চুদ সংকটত পৰিছে।

মানৱ দৰদী বুলি পৰিচিত অভিনেতা চুনু চুদে বৃহৎ পৰিমাণৰ আয়কৰ ফাঁকি দি আহিছে!

এই কথা শনিবাৰে আয়কৰ বিভাগৰ তদন্তকাৰী দলে প্ৰকাশ কৰিছে।

Central Board of Direct Taxes (CBDT)এ শনিবাৰে প্ৰকাশ কৰা অনুসৰি অভিনেতাগৰাকীয়ে প্ৰায় ২০ কোটি টকাৰো অধিক কৰ ফাঁকি দিছে।

CBDTৰ মতে অভিনেতাগৰাকীয়ে বিদেশী দাতাৰ পৰা ২.১ কোটি টকা সংগ্ৰহ কৰি Foreign Contribution Regulation Act (FCRA) ও উলংঘা কৰিছে।

আয়কৰ বিভাগৰ অভিযোগ অনুসৰি অভিনেতাজনে তেওঁৰ NGO Sood Charity Foundationৰ নামতো দান বৰঙণি সংগ্ৰহ কৰিছিল।

NGOটোৱে ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ১৮.৯৪ কোটি টকা সংগ্ৰহ কৰিছে যদিও বিভিন্ন সাহায্যমূলক কামত সেই সংগৃহীত ধনৰাশিৰ পৰা মাত্ৰ ১.৯ কোটি টকাহে ব্যয় কৰিছে। বাকী ১৭ কোটি টকা ফাউণ্ডেচনৰ অলাভজনক এটা বেংক একাউণ্টত অব্যৱহৃত জমা আছে।

উল্লেখ্য যে কিছুদিন আগতে চুনু চুদে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰি দিল্লী চৰকাৰৰ এক বিশেষ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেছাডৰ ৰূপে দায়িত্ব লৈছিল।

উক্ত দায়িত্ব লোৱাৰ পিছতে আয়কৰ বিভাগে চুনু চুদৰ সম্পত্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠান, NGO ৰ লগতে ঘৰত তালাচী আৰম্ভ কৰে।

কেবাদিনো চলা মাৰাথান তালাচীৰ পিছত শনিবাৰে অভিনেতাগৰাকীয়ে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়া বুলি আয়কৰ বিভাগে প্ৰকাশ কৰিছে।

উল্লেখ্য যে বলিউদৰ অভিনেতাগৰাকীয়ে ল’কডাউনৰ সময়ত দেশৰ বিভিন্ন চহৰত আৱদ্ধ হৈ পৰা প্ৰায় ৯০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকক নিজ ঘৰলৈ প্ৰেৰণ কৰিছিল।

অভিনেতাগৰাকীৰ এই মহানুভৱতা আন্তৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰিছিল।