NORTHEAST NOW (Assamese)
অসম

কিয় ৯০ বছৰ গোপনে ৰখা হ’ব প্ৰিন্স ফিলিপৰ উইল? জনালে আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2021 1:11 pm
prince-philipparty-t

ব্ৰিটেইনৰ ডিউক অফ এডিনবাৰ্গ প্ৰিন্স ফিলিপৰ উইলখন ৯০ বছৰ গোপনে ৰখা হ’ব। ৰাণী দ্বিতীয় এলিজাবেথৰ মৰ্যাদা ৰক্ষাৰ বাবেই এই সিদ্ধান্ত লোৱাৰ কথা জনাইছে দেশখনৰ উচ্চ ন্যায়ালয়ে।

চলিত বছৰৰ ৯ এপ্ৰিলত ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ ৯৯বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছিল।

উচ্চচ ন্যায়ালয়খনৰ ন্যায়াধীশ এণ্ড্ৰু মেক ফাৰলেনে জনায় যে সাৰ্বভৌমত্বৰ মৰ্যাদা ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আদালতখনৰ পাৰিবাৰিক শাখাৰ অধ্যক্ষ মেকফেৰলেনে ৰাজপৰিয়ালৰ অনুৰোধৰ সপক্ষে ৰায় প্ৰদান কৰে।

ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিয়ে যে প্ৰিন্সৰ উইলখন ছীল কৰা উচিত আৰু উইলখনৰ কোনো প্ৰতিলিপি ৰেকৰ্ডৰ বাবে প্ৰস্তুত কৰা উচিত নহয়। অৱশ্যে, ইয়াৰ পূৰ্বেও ৰাজপৰিয়ালত ৰজাসকলৰ উইল গোপনে ৰখাৰ নিয়ম আছে।

ন্যায়াধীশগৰাকীয়ে কয় যে এনেধৰণৰ মানুহৰ জীৱনৰ ব্যক্তিগত দিশসমূহৰ সুৰক্ষা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে যাৰ দ্বাৰা সাৰ্বভৌমত্ব তথা তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলৰ মৰ্যাদা অক্ষুন্ন থাকে।