NORTHEAST NOW (Assamese)
অসম

চিকিৎসালয়ৰ নিৰাপত্তাকৰ্মীয়েই প্ৰহাৰ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যক! শুনি আচৰিত প্ৰধানমন্ত্ৰীও

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 19, 2021 4:33 pm

চিকিৎসালয়ত নিৰাপত্তাকৰ্মীৰ দৌৰাত্মৰ কথা নতুন নহয়।

বহু সময়ত ৰোগী অথবা ৰোগীৰ আত্মীয়ৰ সৈতে চিকিৎসালয়ৰ নিৰাপত্তাকৰ্মীয়ে কাজিয়া অথবা মাৰপিটত লিপ্ত হোৱাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে।

কিন্তু এইবাৰ খোদ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়েই চিকিৎসালয়ৰ নিৰাপত্তা কৰ্মীৰ হাতত অপদস্থ হ’বলগীয়া হোৱাৰ কথাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্যই গৈছিল দিল্লীৰ ছফদৰগঞ্জ চিকিৎসালয় আকস্মিক ভাবে পৰিদৰ্শন কৰিবলৈ।

চিকিৎসালয় খনত তেওঁ কেইবাখনো আঁচনি মুকলি কৰাৰো কথা আছিল।

চিকিৎসালয়ত এজন সাধাৰণ নাগৰিকৰ দৰে প্ৰৱেশ কৰা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় খনত থকা এখন বেঞ্চত বহিবলৈ লোৱাৰ সময়তে কাষতে থকা চিকিৎসালয়ৰ নিৰাপত্তা কৰ্মী এজনে স্বাস্থ্যমন্ত্ৰীগৰাকীক খেদা মাৰি আহে আৰু প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

এই ঘটনাত হতভম্ব হৈ পৰে কেন্দ্ৰী স্বাস্থ্যমন্ত্ৰীগৰাকী।

তেওঁ কোনো মতে সেই স্থানৰ পৰা নিজকে বচাই আঁতৰি আহিবলৈ সক্ষম হয়।

দৰাচলতে চিকিৎসালয় খনৰ নিৰাপত্তা কৰ্মীগৰাকীয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক চিনি পোৱা নাছিল আৰু সাধাৰণ মানুহ বুলি ভাবি প্ৰহাৰ কৰিছিল।

এই ঘটনাটোৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক অভিযোগ দিয়াৰ পিছতে আচৰিত হৈ পৰে প্ৰধানমন্ত্ৰী মোদী।

ইপিনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় খনৰ নিৰাপত্তাকৰ্মীগৰাকীক কামৰ পৰা অব্যাহতি দিয়াৰ ইচ্ছা প্ৰকাশ কৰা নাই।

তেওঁৰ মতে এজন কৰ্মচাৰীক শাস্তি বিহিলেই সমস্যাটোৰ সমাধান নহ’ব।

ইয়াৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোৰে সংস্কাৰ সাধন কৰাৰ বিষয়তহে গুৰুত্ব দিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱ্যই।