NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ সদনত মিছা মাতি নিজকে ধৰা পেলালে : কিয় এইদৰে ক’লে উপমন্যু হাজৰিকাই?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 20, 2021 5:38 pm

‘প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে কৈছিলে যে ‘মিছা কলে কি ডাল হব?’ সময়ত মিছা ধৰা পৰে,আৰু সেয়াই হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দশা, পবিত্ৰ বিধানসভাৰ মজিয়াত মিছা মাতি নিজকে ধৰা পেলালে’। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে এইদৰে কয় উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

উপমন্যু হাজৰিকাই আৰু কয় যে যোৱা মাহত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে চিপাঝাৰৰ ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত হল, আৰু আজি সেই একে এলেকাতে উচ্ছেদ কাৰ্য চলাই নিজৰেই ঘোষণা মিছা বুলি প্ৰমাণ দিলে ।

‘জাতীয় অস্তিত্ব আৰু আবেগ লৈ খেলিব নালাগে । খেলিব নেপায় ।যোৱা ৮ ছেপ্টেম্বৰ ২০২১ত চাৰি খন গাঁওপঞ্চয়তৰ ভুক্ত ভুগি লোকে ( সানোৱা,গৰুখুটি,গণেশকুঁৰী,আৰু বাজনা পথাৰ গাঁও পঞ্চায়ত) প্ৰদান কৰা স্মাৰক পত্ৰৰ তিনিটা দাবী চৰকাৰে পূৰণ কৰিব লাগিব।‘ হাজৰিকাই এইদৰে কয়।

তেওঁ দাবীসমূহ উল্লেখ কৰি কয় ‘৭৪২০ বিঘা ভূমি প্ৰকৃতাৰ্থত বেদখল মুক্ত কৰক। সেই এলেকাত আগতেও কেইবাবাৰো উচ্ছেদ অভিযান চলাইছে কিন্তু কোনো ফলা ফল অহা নাই। বেদখল মুক্ত কৰা ভূমি স্থানীয় লোকক কৃষি আৰু পশু পালনৰ বাবে চমজাই দিয়ক।কৃষি প্ৰকল্প কেৱল স্থানীয় লোকক লৈ আগবাঢ়িব লাগে’।

ইতিমধ্যে অসমৰ ৰাইজে দেখিছে আমাৰ নেতা সমূহে কথাৰে ফুলজাৰী মাৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ শ্ৰী পদ্ম হাজৰিকাই বোকাই পানীয়ে নামি ৰাইজৰ সেৱা কৰা নিজৰ ঢোল কোবাই , কিন্তু নিজৰ সমষ্টিত কন্যাকা কৃষি প্ৰকল্পতো ৰাজহুৱা বুলি ঠিকেই প্ৰচাৰ কৰে । প্ৰকৃতাৰ্থত সেইখন যে তেওঁৰ ব্যক্তিগত কৃষি প্ৰকল্প ব্যৱসায়’।
হাজৰিকাই লগতে কয় ‘এইবোৰ প্ৰমাণ হৈছে নির্বাচনী শপত নামাত দিয়া তথ্যত । তেওঁ আৰু তেওঁৰ পত্নীয়েই কণ্যাকা কৃষি প্ৰকল্পৰ ৭৫০ বিঘা মান মাটিৰ মালিক। চিপাঝাৰৰ ৰাইজক আহ্বান জনাইছোঁ যে উচ্ছেদ কাৰ্য আৰু কৃষি প্ৰকল্পৰ অগ্ৰগতিত চোকা দৃষ্টি ৰাখক যাতে ৰাইজৰ স্বাৰ্থ পূৰণ হয়’।