NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক অনলাইন সমৰ কলা প্ৰতিযোগিতাৰ বাবে সাজু বিশ্বনাথ মহাবিদ্যালয়ৰ এদল শিক্ষাৰ্থী

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ September 25, 2021 6:44 am
Taikoando Biswanath

বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে স্থগিত হৈছে বহু পৰীক্ষা তথা শিক্ষা অনুষ্ঠানৰ পাঠদান কাৰ্যসূচী। সমান্তৰালকৈ স্থগিত হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু অনুষ্ঠান।

বৰ্তমান সময়-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে অনলাইন যোগে। ব্যতিক্ৰমী নহয় সমৰ কলা প্ৰতিযোগিতাও।

ইয়াৰ মাজতে বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত চলিছে অনলাইন যোগে অনুষ্ঠিত হ’ব লগা আন্তৰ্জাতিক সমৰ কলা প্ৰতিযোগিতাৰ আখৰা।

বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰী সকলক বিনামূলীয়াকৈ সমৰ কলাৰ জৰিয়তে আত্মৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

বিশ্বনাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ আৰু বিশ্বনাথ জিলাৰ এগৰাকী Taekwondo Coach তথা International Gold Medalist মন্দীপ বৰুৱাক এই প্ৰশিক্ষণ দিয়াৰ দায়িত্ব দিয়া হৈছিল।

এই কাৰ্য্যত সৰ্বমুঠ ৬ গৰাকী ছাত্ৰীৰ আগ্ৰহ তথা ভাল দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থাৎ  Indo – Bangla online Taekwondo tournament ত অংশগ্ৰহণ কৰোৱাৰ যো-জা  চলি আছে।

ইতিমধ্যে তেওঁলোকে যোৱা ১৯আগষ্টত হৈ যোৱা 1st All Assam Qwankido Championship ত ২ টাকৈ স্বৰ্ণ পদক, ১ টা ৰূপৰ পদকৰ লগতে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই পদক অৰ্জন কৰা কেই গৰাকী হৈছে ক্ৰমে মন্দীপ বৰুৱা (২ টা স্বৰ্ণ পদক), কংকনা গোস্বামী (এটা ৰূপৰ পদক) আৰু আলিয়া লস্কৰ (এটা ব্ৰঞ্জ ৰ পদক)।

ইয়াৰ পিছতে আন্তৰ্জাতিক টুৰ্ণামেণ্টত অংশগ্ৰণ কৰিবলৈ সাজু হোৱা প্ৰতিযোগী কেইগৰাকী ক্ৰমে মনদ্বীপ বৰুৱা, কংকনা গোস্বামী, আলিয়া লস্কৰ, এলিজা খাতুন, চুহানা খাতুন, মনালিছা চেত্ৰী আৰু  ভনিতা বাউৰীয়ে বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি নিজৰ লগতে মহাবিদ্যালয় আৰু জিলাখনৰ নাম বিশ্ববাসীৰ ওচৰত উজ্জ্বল কৰি তুলিবলৈ তুংগত প্ৰস্তুতি চলাইছে ।