NORTHEAST NOW (Assamese)
অসম

হাজোৰ শনিয়াদীত গৰু চুৰি কৰিবলৈ আহি স্কুটী এৰি পলাল গৰু চোৰৰ দল

Posted by: মৃদুল প্রীতম ডেকা, কামৰূপ Updated by: মৃদুল প্রীতম ডেকা, কামৰূপ September 27, 2021 12:47 pm
Cattle thief scooty

পুনৰ তীৰ্থনগৰী হাজোত গৰু চোৰৰ সন্ত্ৰাস। মাজনিশা হাজোৰ শনিয়াদীৰ পানীয়াপাৰাৰ আলাফউদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গৰু চুৰি ঘটনা।

নিশা গৃহস্থ শুই থকা অৱস্থাত গৰু চুৰি কৰিবলৈ আহিছিল এটি চোৰৰ দল।

তাৰ পিছতে গোহালীৰ পৰা গৰু চুৰি কৰি উধাও হব লওতেই স্থানীয় ৰাইজে হাতে-লোটে ধৰিলে এই গৰু চুৰিত ব্যৱহৃত এখন স্কুটী আৰু চুৰি কৰা গৰুটো।

কিন্তু নিশাৰ আন্ধাৰৰ ছেগ বুজি চোৰৰ দলটোৱে পলায়ন কৰে।

উক্ত ঘটনা সন্দৰ্ভত আজি গৰুৰ গৰাকীয়ে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে হাজো আৰক্ষীয়ে গুলিবিদ্ধ কৰিছিল দুটাকৈ গৰু চোৰক।

কিন্তু ইয়াৰ পিছতো কিন্তু এতিয়াও হাজোত সক্ৰিয় ৰূপত গৰু চুৰি চক্ৰ।