NORTHEAST NOW (Assamese)
অসম

‘৮৩ৰ আন্দোলনৰ কথা কোৱাৰ অধিকাৰ বিজেপিৰ নাই: APCCৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাৰ বিস্ফোৰক মন্তব্য

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী September 27, 2021 7:51 pm

ছিপাঝাৰৰ ঢলপুৰত বেদখল উচ্ছেদৰ সময়ত আৰক্ষীৰ গুলীত দুজনকৈ লোক নিহত হোৱাৰ বিষয়টোকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনে প্ৰতিক্ৰিয়াৰ মাজতে আজি ৰাজীৱ ভৱনত APCCৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাই অনুষ্ঠিত কৰে এখন সংবাদমেল।
সংবাদমেলত বৰাই কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

সংবাদমেলত বৰাই কয়—APCCয়ে স্পষ্ট কৰিব খুজিছো কংগ্ৰেছ দলে উচ্ছেদৰ বিৰোধিতা নকৰে।

আমাৰ দাবী উচ্ছেদ উচ্চতম ন্যায়ালয়ৰ যিবোৰ নিৰ্দেশনা সেই সকলো মানি লৈ কৰক৷

মানৱ অধিকাৰ ভংগ নকৰাকৈ উচ্ছেদ কৰক৷

কংগ্ৰেছ দলে মুক্ত হত্যাৰ বিৰোধিতা কৰিছে৷

বাধা দিবলৈ অহা লোকক কিয় হত্যা কৰা হ’ল সেই বিষয়ে প্ৰশ্ন কৰিছে কংগ্ৰেছে৷

বিজেপিয়ে গোটেই ইচ্ছ্যুটো ধৰ্মীয়কৰণ কৰিব খুজিছে বুলিও বৰাই মন্তব্য কৰে৷

কংগ্ৰেছে ঢলপুৰলৈ কোনো ধৰ্মৰ কাৰণে যোৱা নাই বুলি মন্তব্য কৰি বৰাই কয় যে মুক্ত হত্যাৰ বিৰোধ কৰিবলৈহে কংগ্ৰেছ তালৈ গৈছিল৷

‘৮৩ৰ আন্দোলনৰ কথা আছুৱে বা কংগ্ৰেছে ক’ব পাৰিব৷ বিজেপিয়ে নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।

কা আনি বিজেপিয়ে অসম আন্দোলনৰ আত্মাক নষ্ট কৰিব খুজিছে বুলি বৰাই কয়৷

গুৱাহাটী মহানগৰীত এটা কুকুৰকো যদি হত্যা কৰা হয় তেতিয়াও প্ৰশ্ন উত্থাপন হয়৷কিন্তু ছিপাঝাৰত দুজনকৈ লোকক হত্যা কৰাৰ পিছতো বহু লোক নীৰৱে থকা কথাত উদ্বেগ ব্যক্ত কৰে বৰাই।

যদি ছিপাঝাৰৰ ঢলপুৰৰ লোকসকল সন্দেহজনক নাগৰিক তেনেহ’লে তেওঁলোকক কিয় ৬ বিঘাকৈ মাটি দিয়া হ’ল? সংবাদমেলত APCCৰ মুখপাত্ৰ পাৰ্থ প্ৰতিম বৰাই এনেদৰে প্ৰশ্ন কৰে।