NORTHEAST NOW (Assamese)
অসম

Google Chrome users warned: ডাটা লিক হোৱাৰ শংকা! দুশ কোটি ক্ৰ’ম য়ুজাৰক সতৰ্ক কৰি দিলে গুগলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 28, 2021 10:11 am
WhatsApp Image 2021-09-28 at 9.37.49 AM

Google Chrome users warned: আপুনি ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি। যদি কৰে, তেতিয়াহ’লে সাৱধান হওক। তথ্য ফাদিল হোৱাৰ নতুন আশংকাৰ কথা জনাইছে গুগলে।

টেক জায়েন্ট সংস্থা গুগলে এটা ব্লগ প’ষ্টত জানিবলৈ দিছে যে ব্ৰাউজাৰত খুঁত চিনাক্ত কৰা হৈছে। যাক কোৱা হৈছে জিৰ’ ডে এক্সপ্লয়েট।

এই সুৰঙাৰে ব্ৰাউজাৰৰ বিভিন্ন সংবেদনশীল তথ্য হেকাসকলে চুৰি কৰি নিয়া আৰম্ভ কৰিছে।

ইয়াৰ প্ৰভাৱ বিশ্বৰ দুশ কোটিতকৈও অধিক ক্ৰ’ম য়ুজাৰৰ ওপৰত পৰিব পাৰে।

এই জিৰ’ ডে এক্সপ্লয়েট যদিও নতুন নহয়, মাজেসময়ে গুগলে এনেকুৱা খুঁত বা বিসংগতি চিনাক্ত কৰি থাকে।

অৱশ্যে এই বিসংগতি দূৰ কৰাৰ বাবে গুগলে সৰ্বাত্মক চেষ্টা চলাইছে আৰু সোনকালেই ইয়াক ফিক্সড কৰি দিয়া হ’ব বুলি সংস্থাটোৱে জনাইছে।

আনহাতে, গুগলে যিসকল য়ুজাৰে এতিয়াও ক্ৰ’মৰ পুৰণি ভাৰ্ছন ব্যৱহাৰ কৰি আছে তেওঁলোকক শীঘ্ৰেই নতুন ভাৰ্ছন ব্ৰাউজাৰ আপডেট কৰিবলৈ সতৰ্ক কৰি দিছে। কিয়নো পুৰণি ভাৰ্ছনত হেকিঙৰ সম্ভাৱনা অধিক।

ইয়াৰ বাবে য়ুজাৰে ক্ৰ’মৰ ছেটিং, তাৰপাছত হেল্প আৰু তাৰপাছত এবাউট ক্ৰ’মত গৈ ব্যৱহাৰ কৰি থকা ভাৰ্ছনটো 94.0.4606.61বা তাতকৈ বেছি হয়নে চাই ল’ব পাৰে। যদি এই ভাৰ্ছনৰ নহয় তেতিয়াহ’লে শীঘ্ৰেই নতুন ভাৰ্ছন আপডেট বা ইনষ্টল কৰি ল’লে হ’ল।