NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ বলি হোৱা বায়ুসেনাৰ মহিলা বিষয়াৰ ক্ষেত্ৰত এয়া কি কৰিলে স্বাস্থ্য পৰীক্ষকে! ক্ষুব্ধ মহিলা আয়োগ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 30, 2021 8:46 pm

Two-finger test : ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ কৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ এগৰাকী মহিলা বিষয়াৰ স্বাস্থ্য পৰীক্ষাৰ নামত স্বাস্থ্য পৰীক্ষকে কৰা কাৰ্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

তামিলনাডুত প্ৰশিক্ষণৰ বাবে যোৱা বায়ু সেনাৰ মহিলা বিষয়াগৰাকীক বাহিনীটোৰ কেম্পাছৰ ভিতৰতে যোৱা ৯ ছেপ্তেম্বৰত তেওঁৰেই সতীৰ্থ এগৰাকীয়ে বলাৎকাৰ কৰাৰ অভিযোগ উঠিছিল।

বায়ুসেনা বাহিনীৰ ২৯ বছৰীয়া মহিলা বিষয়াগৰাকীয়ে বলাৎকাৰৰ বলি হোৱাৰ দুসপ্তাহৰ পিছতহে আৰক্ষীৰ কাষ চাপে।

নানান কাৰকৰ বাবেই মহিলা বিষয়াগৰাকীয়ে আৰক্ষীৰ কাষ চাপিব পৰা নাছিল।

মহিলা বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মহিলাগৰাকীৰ সতীৰ্থ ফ্লাইট লেফটেনেণ্ট অমিতেশ হৰমুখক গ্ৰেপ্তাৰো কৰিছে।

ইমানলৈকে সকলো ঠিকেই আছিল যদিও মহিলা বিষয়াগৰাকীয়ে শেহতীয়াকৈ কৰা আন এটা অভিযোগে এতিয়া বায়ু সেনা বাহিনীৰ ভিতৰ চ’ৰা জোকাৰি গৈছে।

মহিলা বিষয়াগৰাকীয়ে কৰা অভিযোগ অনুসৰি বলাৎকাৰৰ বলি হোৱা বুলি অভিযোগ কৰাৰ পিছতে বায়ু সেনা বাহিনীৰ চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ নামত দেশত ইতিমধ্যে নিষিদ্ধ Two-finger test কৰিছে।

স্বাস্থ্য পৰীক্ষাৰ নামত চিকিৎসকে মহিলা বিষয়াগৰাকীৰ গোপন অংগত আঙুলিৰে পৰীক্ষা কৰা বুলি অভিযোগ উঠাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰীয় মহিলা আয়োগ।

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শৰ্মাই প্ৰকাশ কৰা মতে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত two-finger test ব্যৱস্থাটো দেশৰ উচ্চতম ন্যায়ালয়ে ২০১৩ চনতে নিষিদ্ধ কৰিছে।

একেদৰে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চেও ২০১৪ চনতে two-finger test সম্পূৰ্ণ অবৈজ্ঞানিক বুলি মন্তব্য কৰি ধৰ্ষিতাৰ ক্ষেত্ৰত তেনে পৰীক্ষা নকৰিবলৈ কৈছিল।

ইমানৰ পিছতো ভাৰতীয় বায়ু সেনা বাহিনীৰ চিকিৎসকে উচ্চতম ন্যায়ালয়ৰ ৰায় অৱমাননা কৰি মহিলা বিষয়াগৰাকীৰ ক্ষেত্ৰত তেনে পৰীক্ষা কৰাত ক্ষুদ্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় মহিলা আয়োগ।

ইতিমধ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগে বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে।লগতে অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাষ্ট্ৰীয় মহিলা আয়োগে ভাৰতীয় বায়ু সেনা বাহিনীৰ এয়াৰ চীফ মাৰ্শ্বাললৈও পত্ৰ প্ৰেৰণ কৰা বুলি ৰেখা শৰ্মাই জানিবলৈ দিছে।