NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত বন্যপ্ৰাণী সপ্তাহ: হস্তী দিৱসৰ বিশেষ অনুষ্ঠান; মানাহলৈ বাঘ ৰথৰ যাত্ৰা

Posted by: উত্তম শইকীয়া, বোকাখাত Updated by: উত্তম শইকীয়া, বোকাখাত October 2, 2021 2:14 pm
IMG_20211002_133729

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত শনিবাৰৰ দিনা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ উদ্বোধনীৰ লগতে হস্তী দিৱসৰ বিশেষ অনুষ্ঠান অনুস্থিত হয় ৷

কহঁৰাৰ মিহিমুখত আয়োজিত এই অনুষ্ঠানত কাজিৰঙাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও কাজিৰঙাত কৰ্মৰত বিভিন্ন প্ৰকৃতি সংগঠনৰ প্ৰতিনিধিয়েও অংশ গ্ৰহন কৰে ৷

মাউট সহ বন বিভাগৰ পাঁচটা হাতীয়েও এই কাৰ্যসুচীত অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচী পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

হস্তী দিৱসৰ কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, বন্যপ্ৰানী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰী আৰু কৰবেট ফাউণ্ডেচনৰ উপ সঞ্চালক ডা৹ নবীন পাণ্ডে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰি বিভিন্ন তথ্যৰে হাতীৰ বিষয়ে আলোচনা কৰে ৷

এই অনুষ্ঠানত ডি এফ অ’ ৰমেশ গগৈৰ উপৰিও কাজিৰঙাৰ উপ বন সংৰক্ষক খৰ্গ সিং ডেকা ৰজা, সহকাৰী বন সংৰক্ষক পিৰাই সোদন ,নয়নজ্যোতি ৰাজবংশী,  বনাঞ্চলিক বিষয়া বিভুতি কলিতা আৰু বিদ্যুত বিকাশ বৰা উপস্থিত থাকে ৷

হস্তী দিৱসৰ সামৰণিৰ পিচতেই কেন্দ্ৰীয় চৰকাৰৰ আজাদি কি অমৃত মহোৎসৱৰ অংশ হিচাবে কাজিৰঙাৰ পৰা ওৰাং হৈ মানাহলৈ যাত্ৰা কৰা বাঘ ৰথ যাত্ৰাৰ শুভাৰম্ভ কৰা হয় ৷

বাঘ ৰথৰ মানাহলৈকে কৰিব লগীয়া এই যাত্ৰাত ভাৰতত ঢেকীয়াপতীয়া বাঘৰ গৌৰৱোজ্বল সংৰক্ষণৰ বিষয়ে জন সচেতনতা সৃষ্টি কৰিব।