NORTHEAST NOW (Assamese)
অসম

কৰ’না পৰিস্থিতিৰ মাজতে ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক; টুৰিষ্ট ভিছা দিবলৈ সাজু কেন্দ্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2021 10:09 am
Foreign tourist in India

India to issue tourist visas:কৰ’না পৰিস্থিতিৰ বাবেই ভাৰতলৈ বিদেশী পৰ্যটকৰ আগমণ বন্ধ ৰখা হৈছিল। কিন্তু এইবাৰ পুনৰ বিদেশী পৰ্যটকক ভাৰতলৈ অহাৰ বাবে ভিছা দিয়াৰ প্ক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নতুন নিৰ্দেশনাত এই কথা জানিবলৈ দিছে। অৱশ্যে চৰ্ত সাপেক্ষেহে এই অনুমতি দিয়া হ’ব।

প্ৰাথমিকভাৱে চাৰ্টাৰ্ড বিমানত অহাসকলকহৈ এই অনুমতি দিয়া হৈছে। পাছলৈ সাধাৰণ বিমানতো বিদেশী পৰ্যটক আহিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰে ১৮ মাহ পাছত টুৰিষ্ট ভিছা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যিসকলে চাৰ্টাৰ্ড বিমানত ভাৰতলৈ আহিব তেওঁলোকৰ বাবে ১৫ অক্টোবৰৰ পৰাই নতুন নিৰ্দেশনা কাৰ্যকৰী হ’ব।  

সেইদৰে, ১৫ নৱেম্বৰৰ পৰা সাধাৰণ বিমানত বিদেশী পৰ্যটক দেশলৈ আহিব পাৰিব।

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এই নতুন নিৰ্দশনাত বিমান সংস্থাসমূহক সকলো কৰ’না বিধি মানি যাত্ৰী কঢ়িয়াবলৈ কোৱা হৈছে।

বিভিন্ন ৰাজ্য চৰকাৰে টুৰিষ্ট ভিছা পুনৰ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ জনাইছিল।ইয়াৰ পাছতে গৃহ মন্ত্ৰ্যালয়ে বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা আলোচনা কৰে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়, বিদেশ মন্ত্ৰ্যালয়, অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয় তথা পৰ্যটন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰাৰ পাছত গৃহ মন্ত্ৰ্যালয়ে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।