NORTHEAST NOW (Assamese)
অসম

অৱশেষত আৰক্ষীৰ ওচৰত হাজিৰ লখিমপুৰ খেৰিৰ হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2021 12:49 pm
Asish Misra Kheri Lakhimpur

Lakhimpur Kheri violence: লখিমপুৰ খেৰিত কৃষকৰ মৃত্যুৰ ঘটনাত অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী পুত্ৰ আশিস মিশ্ৰ শনিবাৰে পুৱা উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ ওচৰত উপস্থিত হয়।

পুৱা ১১বজাত এখন নীলা ৰঙৰ গাড়ীৰে আহি আশিসে এইদৰে আৰক্ষীৰ ওচৰত হাজিৰ হয়। খেৰিৰ ঘটনাত আৰক্ষী বিষয়াসকলে তেওঁক জেৰা চলাব।

ইপিনে, আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ বাহিৰত কোনো অবাঞ্চিত ঘটনা যাতে ঘটিবলৈ নাপায় তাৰবাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।

আশিসৰ বিৰুদ্ধে কৃষকসকলক গাড়ীৰে মহতিয়াই তথা গুলী কৰি হত্যা কৰাৰ অভিযোগ উঠিছে।

Also Read: Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা whatsapp msg… কি আছিল ডিজিপিৰ ভূমিকা?

ইয়াৰ পাছতো তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই তাক লৈ ৰাজ্যখনৰ আৰক্ষী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। আশিস মিশ্ৰই আনকি আৰক্ষীৰ চমনক গুৰুত্ব নিদি উপস্থিত হোৱাৰ পৰাও বিৰত আছিল।

আনহাতে, শনিবাৰে পুৱাই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই জানিবলৈ দিছিল যে শীঘ্ৰেই তেওঁৰ পুত্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হ’ব। তাৰ কিছুসময় পাছতেই এইদৰে আশিস মিশ্ৰ আৰক্ষীৰ ওচৰত উপস্থিত হয়।