NORTHEAST NOW (Assamese)
Popular Stories

Super Dancer Florina: অসম কন্যা ফ্লোৰিনা গগৈ ছুপাৰ ডান্সাৰৰ চেম্পিয়ন; লাভ কৰিলে ট্ৰফীসহ ১৫লাখ টকাৰ নগদ পুৰস্কাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 10, 2021 7:06 am
Super dancer Florina Gogoi

Super Dancer Florina: ছনী টিভিৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4ৰ শনিবাৰে অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত চেম্পিয়নৰ খিতাপ লাভ কৰে অসম কন্যা ফ্লোৰিনা গগৈয়ে।

চেম্পিয়ন হোৱা সূত্ৰে ফ্লোৰিনাই আকৰ্ষণীয় ট্ৰফীৰ লগতে নগদ ১৫লাখ টকাৰ পুৰস্কাৰো লাভ কৰে। ফ্লোৰিনাৰ গুৰু তুষাৰ ছেট্টীয়েও ৫ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰক দায়িত্বত আছিল শিল্পা ছেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসু। পৰিচালনা কৰিছিল ঋত্বিক ধনজানি আৰু পৰিতোষ ত্ৰিপাঠীয়ে।

ফ্লোৰিনাৰ উপৰিও Super Dancer Chapter 4ৰ পাঁচগৰাকী ফাইনেলিষ্টৰ মাজত আছিল পৃথ্বীৰাজ কংগাৰী, সঞ্চিত ছানানা, ইষা মিশ্ৰ আৰু নীৰজা তিৱাৰী।

ফ্লোৰিনাই প্ৰতিযোগিতাখনৰ আৰম্ভণিৰে পৰা বিচাৰকৰ লগতে দৰ্শকৰ মৰম আদায় কৰিবলৈ সক্ষম হৈছিল।

নৃত্যৰ প্ৰতি তীব্ৰ আকৰ্ষণৰ বাবেই ফ্লোৰিনাই ছুপাৰ ডান্সাৰৰ মঞ্চতেই নৃত্যৰ কৌশল বহুখিনি আয়ত্ত কৰিবলৈ সক্ষম হৈছিল।

গোটেই প্ৰতিযোগিতাখনত ফ্লোৰিনাৰ প্ৰকাশভংগীয়ে সকলোকে সন্মোহিত কৰি তুলিছিল।