NORTHEAST NOW (Assamese)
অসম

পুনৰ বাজিব নেকি যুদ্ধৰ দাবানল ! ব্যৰ্থ ভাৰত আৰু চীনৰ সেনা পৰ্যায়ৰ বৈঠক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2021 4:09 pm
India-China military dialogue on East Ladakh

লাডাখকলৈ পুনৰ চীন ভাৰতৰ মাজত হ’ব নেকি যুদ্ধ? চীনৰ হাতলৈ যাব নেকি ভাৰতৰ ভূ-স্বৰ্গ লাডাখ? অপৰূপা লাডাখ হেৰাই যাব নেকি ভাৰতৰ মানচিত্ৰৰ পৰা?

কি হ’ব লাডাখৰ ভৱিষ্যৎ? কি হ’ব লাডাখী জনগণৰ? লাডাখক আৰু লাডাখীক ৰক্ষা কৰিব পাৰিব নে ভাৰতে?

ভাৰত আৰু চীনৰ সেনা পৰ্যায়ৰ এক বৈঠক ব্যৰ্থ হোৱাৰ পিছতে এই অনাহূত প্রশ্নৰ উদ্ৰেক হৈছে সচেতন মহলৰ মাজত।

যোৱা দেওবাৰে লাডাখ সীমান্তৰ বিবাদ মীমাংসাৰ বাবে চীনৰ বেইজিঙত ভাৰতীয় সেনা আৰু পিপলছ লিবাৰেশ্যন আৰ্মিৰ মাজত আলোচনা অনুষ্ঠিত হৈছিল।

কিন্তু এই গুৰুত্বপূৰ্ণ এই আলোচনা ব্যৰ্থ হৈছে। নিজৰ নিজৰ স্থিতিত অটল আছে ভাৰত আৰু চীন।

দেওবাৰ হোৱা আলোচনাৰ অন্তত ভাৰতীয় সেনাই কয় যে চীন সন্মত হোৱা নাই, আনকি তেওঁলোকে আলোচনা আগুৱাই নিবলৈও প্ৰয়াস কৰা নাই।

স্মৰ্তব্য যে যোৱা ১৭ মাহে লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত বিবাদ চলি আহিছে।

বিগত বৰ্ষৰ জুনত মাহত দুই দেশৰ সেনাৰ মাজত লাডাখৰ গালৱান উপত্যকাত হোৱা মুখামুখি সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা মৃ্ত্যু হৈছিল। ভাৰতে দাবী কৰা অনুসৰি ৪০ গৰাকীৰো অধিক চীনা সৈন্যৰ মৃত্যু হৈছিল।

তেতিয়াৰ পৰাই লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত সীমা বিবাদকলৈ অচলাৱস্থা অব্যাহত আছে।

এই অচলাৱস্থাকে দূৰ কৰিবলৈ ভাৰতীয় সেনাৰ 13 কৰ্পছ কামাণ্ডা পৰ্যায়ৰ বিষয়াই বেইজিঙত PLAৰ সৈতে আলোচনাত মিলিত হৈছিল।

আলোচনাত চীনে লাডাখৰ হট স্প্ৰিং, ডেপচা সমতল আৰু ডেমচোকৰ পৰা নিজৰ অধিকাৰৰ দাবী উঠাই ল’বলৈ অস্বীকাৰ কৰিছে।

ইয়াৰ এদিনৰ পিছতে চীনে সেই স্থান ত্যাগ নকৰিলে ভাৰতেও সেই স্থান ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে ভাৰতীয় সেনা প্ৰধান এম এম নাৰাভনে।

স্থলসেনা প্ৰধানগৰাকীৰ এই মন্তব্যৰ পিছতে লাডাখ সীমান্তকলৈ দুই দেশৰ সেনাৰ মাজত পৰৱৰ্তী সময়ত সংঘাত আৰু বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে স্থলসেনা প্ৰধান নাৰাভনে এইদৰে মন্তব্য কৰিলেও চীনে দ্বিপাক্ষিক সম্পৰ্ক তথা চুক্তি আৰু প্ৰট’ক’ল সম্পূৰ্ণৰূপে মানি চলিব আশাবাদী।

ইফালে, পিএলএ ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডৰ মুখপাত্ৰগৰাকীয়ে এক বিবৃতিত কয় যে ভাৰতে এতিয়াও অযৌক্তিক আৰু অবাস্তৱ দাবীৰ ওপৰত জোৰ দি আছে, যাৰ ফলত আলোচনা অধিক কঠিন হৈ পৰিছে।

আনহাতে ৩১ জুলাইত লাডাখৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ পাংগং টছ’, গালৱান ভেলী, গোগ্ৰাক লৈ অনুষ্ঠিত 12 কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ ৯ ঘণ্টীয়া আলোচনাও ফলপ্ৰসূ বিশেষ হোৱা নাছিল।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে লাডাখ সীমান্তকলৈ দুই দেশৰ মাজত এতিয়াও অচলাৱস্থা অব্যাহত আছে, অৰ্থাৎ দুয়োপক্ষ নিজৰ নিজৰ স্থিতিতে অটল হৈ আছে। ইয়াৰ ফলত বিগত বৰ্ষৰ দৰে সীমান্তকলৈ দুই প্ৰতিবেশী দেশৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰো সম্ভাৱনাই পুনৰ দেখা দিছে।