NORTHEAST NOW (Assamese)
অসম

TET পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা, কেতিয়া অনুষ্ঠিত হ’ব TET!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 12, 2021 12:53 pm

ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া TET পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে।

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আজি টুইটাৰ যোগে TET পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া সময়সূচী ঘোষণা কৰে।

 

২০২১ বৰ্ষৰ LP আৰু UP মাধ্যমৰ TET পৰীক্ষা এই বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব।

ইয়াৰ আগতে চলিত বৰ্ষৰ ২৪ অক্টোবৰ তাৰিখে পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল।

টুইটটোত এই সংক্ৰান্তত এখন বিবৃতিও প্ৰচাৰ কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।