NORTHEAST NOW (Assamese)
অসম

দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ হ’ল পুৰণিগুদামৰ ১৩৭ বছৰীয়া ঐতিহাসিক পূজা

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 12, 2021 8:33 pm

আজি মহাসপ্তমী। নৱ পত্ৰিকাৰে দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি আৰম্ভ হ’ল মহাসপ্তমী পূজা। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পুৰণিগুদামৰ পূজাও।

১৩৭ বছৰীয়া ঐতিহাসিক পূজাভাগত পুৱা ৯ বাজি ২২ মিনিটৰ মধ্যে শংখ, ডবা, উৰুলী ধ্বনিৰ মাজত পুজাৰীৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হয় দুৰ্গতিনাশীনী মহাসপ্তমীৰ পূজা।

উল্লেখযোগ্য যে এইবাৰ কেৱল আধ্যাত্মিকতাৰ মাজেৰে উদযাপন কৰা হৈছে এই পূজাভাগ।

পূৰ্বে পূজাৰ সমান্তৰালকৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মেলা আদি আয়োজন কৰে উদ্যোক্তাসকলে।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বহুসংখ্যক ৰাইজ উক্ত পূজাত অংশগ্ৰহণ কৰি শাৰদীয় মাদকতা উপভোগ কৰে।

কিন্তু এইবাৰ কিছু সুকীয়া,চৰকাৰে বান্ধি দিয়া সকলো কভিড প্ৰট’কল অৱলম্বন কৰি উদযাপন সমিতিয়ে পুৱাৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীক আদৰণী জনাইছে।

লগতে পৃথিৱীৰ পৰা মহাকালৰূপী কৰোণা আতংকৰ পৰা মুক্তি দিবলৈ মা ভাগৱতীৰ চৰণত পূজা অৰ্চনা আগবঢ়াইছে।