NORTHEAST NOW (Assamese)
অসম

বৰপেটাত জিলা কাৰাগাৰৰ ভিতৰতে আত্মহত্যা কয়দীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 13, 2021 4:28 pm
Barpeta Jail Prisoner Commits Suicide Inside Prison

আজি বৰপেটাত জিলা কাৰাগাৰত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা। বৰপেটা জিলা কাৰাগাৰৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰিছে এজন কয়দীয়ে।

মৃত কয়দীজনক হাচিবুল হাছান বুলি চিনাক্ত কৰা হৈছে।

হাচিবুল হাছান নামৰ বন্দীজনে কাৰাগাৰৰ বতাহ চলাচল কৰা ভেণ্টিলেচনত ওলমি আত্মহত্যা কৰে।

সূত্ৰঅনুসৰি, এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত হাছানক গ্ৰেপ্তাৰ কৰা হৈছিল।

কাৰাগাৰ কৰ্তৃপক্ষই প্ৰেম সংক্ৰান্তীয় কাৰণত হাচানে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে।

কিন্তু মৃত হাছানৰ পৰিয়ালৰ সদস্যসকলে হাছানক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।