NORTHEAST NOW (Assamese)
অসম

জাননী জাৰি কৰাৰ পাছতো দিছপুৰ থানাত হাজিৰ নহ’ল ঠিকাদাৰ তথা ব্যৱসায়ী পংকজ সাধনীদাৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 15, 2021 6:27 am

জাননী জাৰি কৰাৰ পাছতো দিছপুৰ থানাত হাজিৰ নহ’ল ঠিকাদাৰ তথা ব্যৱসায়ী পংকজ সাধনীদাৰ

দিছপুৰ থানাই দুদিন পূৰ্বে পংকজ সাধনীদাৰলৈ জাননী জাৰি কৰিছিল।

ৰাজকন্যা কাণ্ডত নাম সাঙোৰ খাইছিল পংকজ সাধনীদাৰৰ।

নৈশ কাৰ্ফিউৰ মাজতে মহানগৰীৰ বিলাসী হোটেল ভিভান্তাত বাৰ্থদে পাৰ্টি অনুষ্ঠিত কৰাৰ অভিযোগ সাধনীদাৰৰ বিৰুদ্ধে।
১ অক্টোবৰৰ দিনা বাৰ্থদে আছিল সাধনীদাৰৰ ৭ বছৰীয়া কন্যাৰ।

সেই বাৰ্থদে পাৰ্টীত ইভেণ্ট মেনেজমেণ্টৰ দায়িত্বত আছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা

অভিযোগ অনুসৰি সেই পাৰ্টীত অত্যাধিক সুৰা সেৱন কৰি নিশা ১:৪৫ বজাত ৰুক্মিণীগাঁৱত ৯ গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিছিল ৰাজকন্যাই।

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত শ্ৰমিকসকলৰ মাজৰ যোচেফ মাৰাক নামৰ শ্ৰমিকজনে চিৰজীৱনৰ বাবে হেৰুৱালে দুয়োখন ভৰি।

ইতিমধ্যে তাজ ভিভান্তাৰ সেই নিশাৰ চিচি টিভি ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। তাৰ লগতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ভিভান্তা কৰ্তৃপক্ষক।

কিন্তু কি কাৰণত আৰক্ষীয়ে তলব কৰাৰ পাছতো দিছপুৰ থানাত পংকজ সাধনিদাৰ উপস্থিত নহ’লহি সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

যদি আজিৰ দিনটোৰ ভিতৰত দিছপুৰ থানাত ঠিকাদাৰ তথা ব্যৱসায়ীগৰাকী উপস্থিত নহয়হি তেন্তে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।