NORTHEAST NOW (Assamese)
অসম

ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান

Posted by: মুৰলী বৰুৱা, নগাঁও Updated by: মুৰলী বৰুৱা, নগাঁও October 15, 2021 9:42 am

নগাঁৱৰ কমলাদেৱী তোদী স্মৃতি ভৱনত লক্ষ্মীনাথ বেজবৰুৱা ওপজাদিনৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাটাও বঁটা- সন্মান প্ৰদান কৰা হয় ।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা সন্মান প্ৰদান অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড° নৰেন কলিতাক অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ বিশেষ সন্মান হিচাপে *”প্ৰজ্ঞাভূষণ”* সন্মান প্ৰদান কৰে সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মাই ।

এই বঁটাত আছে গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰ । অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ *উত্তৰ আমেৰিকা শাখা সাহিত্য সভা ড° মাইলছ বন্সন বঁটা,২০২০* প্ৰদান কৰা হয় শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰক ।

বঁটা প্ৰদান কৰে সভাপতি ড° কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মা , নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণকুমাৰ বৰুৱাই । এই বঁটাত আছে গামোচা ,চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, মানপত্ৰ আৰু দহ হাজাৰ টকাৰ এখন চেক।

অনুষ্ঠানত গোলাঘাট জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়া তথা সাংবাদিক দিগন্তকুমাৰ ভূঞা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰকুমাৰ ভাগৱতীক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰা হয় ।

লগতে হোজাই শাখা সাহিত্য সভা, ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভা আৰু চিপাঝাৰ শাখা সাহিত্য সভাক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে এই বঁটাসমূহ আছিল ২০১৮-২০ কাৰ্যকালৰ বঁটা । অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত এই বঁটাকেইটি ঘোষণা কৰা হৈছিল যদিও কোভিডৰ জটিল পৰিস্থিতিৰ কাৰণে প্ৰদান কৰিব পৰা নাছিল অসম সাহিত্য সভাই ।

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মাই এই বঁটা কেইটি প্ৰদান কৰে।