NORTHEAST NOW (Assamese)
অসম

ফিল’বাৰীৰ নিৰ্লজ্জ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা জিলা প্ৰশাসনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2021 7:12 pm
Philobari Incident

এগৰাকী শিক্ষয়িত্ৰীক ৰাজপথত আঁঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ বাবে আজি সমগ্ৰ অসমতে ধিক্কাৰৰ সন্মুখীন হৈছে কেইবাটাও ছাত্ৰ সংগঠন।

ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক অপমানিত কৰাৰ পিছতে আজি শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ফিল’বাৰীৰ সকলো দল-সংগঠনৰ প্ৰতিনিধি।

১১ অক্টোবৰত ঘটনাটো সংঘটিত হোৱাৰে পৰা মানসিক ভাৱে ভাগি পৰা আৰু যথেষ্ট আবেগিক হৈ পৰা শিক্ষয়িত্ৰী নিৰদা বৰাই ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলক দেখা পাই হুকহুকাই কান্দি উঠিল।

উল্লেখ্য যে, এসময়ত এই ছাত্ৰনেতাসকলৰ অধিকাংশই আছিল নিৰদা বৰাৰ শিক্ষাৰ্থী।

ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকলে আজি ক্ষমা বিচাৰিবলৈ উপস্থিত হয় শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত। আটাইকেইটা সংগঠনৰ প্ৰতিনিধিয়ে আঁঠু কাঢ়ি শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।

আনহাতে এই সমগ্ৰ ঘটনাক আৰু শিক্ষকক কৰা এনে অপমানক ধিক্কাৰ দিছে তিনিচুকীয়া জিলা শৈক্ষিক কৰ্মচাৰী মঞ্চই। এনেধৰণৰ লজ্জাজনক ঘটনা যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে মঞ্চৰ তৰফৰ পৰা সকলোলৈ আহ্বান জনায়।

আনহাতে এনে লজ্জাজনক ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। এই সন্দৰ্ভত ইতিমধ্যে জাননী পত্ৰ জাৰি কৰিছে জিলা প্ৰশাসনে।

ইপিনে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কাইলৈ এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে স্থানীয় ৰাইছে। ৰাজহুৱা সভাত এনে লজ্জাজনক কাণ্ডত জড়িত তথাকথিত ছাত্ৰ নেতা কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেইয়া লক্ষণীয় হ’ব।